গোলাঘাটৰ আঠগাঁৱৰ মনোজ বৰা সন্ধানহীন

গোলাঘাটৰ আঠগাঁৱৰ মনোজ বৰা সন্ধানহীন
Published on
Updated on

ডিজিটেল সংবাদ,ঘিলাধাৰী : গোলাঘাট জিলা আঠগাওঁ পঞ্চায়তৰ অন্তৰ্গত গুৱাল গাঁৱৰ নিৱাসী তথা প্ৰয়াত নিতেন বৰাৰ পুত্ৰ মনোজ বৰা( ৩৭) যোৱা ৬ ডিচেম্বৰ সন্ধিয়া পৰা সন্ধানহীন হৈ আছে ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে সেইদিনা পুৱা তেওঁ দিনহাজিৰা কৰিবলৈ একে গাঁৱৰে এজন ব্যক্তি ঘৰলৈ গৈছিল ৷

সন্ধিয়া কাম কৰি ঘৰলৈ ওভতাৰ পিছতে যুৱকজন সন্ধানহীন হৈ আছে ৷ পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ সৈতে যোগাযোগ কৰিও বৰ্তমানলৈকে যুৱকজনৰ একো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ কোনো সদাশয় ব্যক্তিয়ে লোকজনক প্ৰত্যক্ষ কৰিলে ৯৪০১৮ ২৮৬৭২,৯৬৭৮৬ ৫৯৯৭৮,৮০১১১ ১৫২১৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷

গোলাঘাটৰ আঠগাঁৱৰ মনোজ বৰা সন্ধানহীন
'বিকশিত ভাৰত সংকল্প যাত্ৰা' : ধেমাজিত উপস্থিত প্ৰতিৰক্ষা বিভাগৰ যুটীয়া সচিব অনুৰাগ বাজপেয়ী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in