ফলঙনিত মৰঙী ঐতিহ্য সুৰক্ষা মঞ্চ সমিতিৰ আঞ্চলিক সমিতি গঠন

ফলঙনিত মৰঙী ঐতিহ্য সুৰক্ষা মঞ্চ সমিতিৰ আঞ্চলিক সমিতি গঠন

author-image
Asomiya Pratidin
New Update
ফলঙনিত মৰঙী ঐতিহ্য সুৰক্ষা মঞ্চ সমিতিৰ আঞ্চলিক সমিতি গঠন

ডিজিটেল সংবাদ,গোলাঘাট : নৱগঠিত মৰঙী ঐতিহ্য সুৰক্ষা মঞ্চৰ অধীনস্থ ফলঙনিত ফলঙনি আঞ্চলিক ঐতিহ্য সুৰক্ষা মঞ্চৰ অঞ্চলিক সমিতি গঠন কৰা হয়।ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত সমাজ সেৱক অজিত গোস্বামীৰ সভাপতিত্বত ৰাইজৰ উপস্থিতিত ফলঙনি আঞ্চলিক সমিতিখন গঠন কৰা হয়।

নৱগঠিত খুমটাই উপ-জিলাৰ সদৰ মৰঙীত স্থাপন কৰাৰ দাবীত মৰঙী ঐতিহ্য সুৰক্ষা মঞ্চই গন সজাগতা গঢ়ি তুলিছে। অহা ১১ অক্টোবৰত মৰঙী চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত গ্ৰহণ কৰিবলগীয়া গণ সত্যাগ্ৰহ কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে মৰঙী ঐতিহ্য সুৰক্ষা মঞ্চই।

অঞ্চলটোৰ প্ৰতিটো দল-সংগঠনৰ ৰাইজ একত্ৰিত হৈ এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা কৰে। ফলঙনি পঞ্চায়ত, মূৰফুলনী পঞ্চায়ত আৰু ফুলবাৰী পঞ্চায়তক সামৰি বিপুল গোস্বামীক সভাপতি, বুবুল শইকীয়াক কাৰ্যকৰী সভাপতি, চন্দকমল ভূঞাক সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া সমিতি গঠন কৰে।

উক্ত সভাত মৰঙী ঐতিহ্য আৰু আৰু সুৰক্ষা মঞ্চৰ উপ-সভাপতি প্ৰীয়ংদ্বীপ কাকতি, কাৰ্যকৰী সভাপতি হেমন্ত শইকীয়া, সম্পাদক ধ্ৰুৱজ্যোতি বৰা উপস্থিত থাকে।

Also Read: অমৃত কলহ যাত্ৰাত ৰাজ্যৰ ২০ লক্ষাধিক মহিলাৰ অংশগ্ৰহণ

marangi