বন নিৰাপত্তা বাহিনীৰ উচ্চ পদস্থ বিষয়া তথা দল-সংগঠনৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বৈঠক

বন নিৰাপত্তা বাহিনীৰ উচ্চ পদস্থ বিষয়া তথা দল-সংগঠনৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বৈঠক
Published on
Updated on

ডিজিটেল সংবাদ,কাজিৰঙা : শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল সংলগ্ন এলেকা সমূহৰ ডি এফ অ’, বন নিৰাপত্তা বাহিনীৰ উচ্চ পদস্থ বিষয়া আৰু কাজিৰঙাৰ বিভিন্ন দল সংগঠনৰ লগত মিলিত হয় কাজিৰঙা লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷ বনাঞ্চলখনৰ ক্ষেত্ৰ সঞ্চালিকা সোণালী ঘোষৰ আমন্ত্ৰণ ক্ৰমে উপস্থিত হোৱা নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে উপস্থিত দল সংগঠনৰ প্ৰতিনিধিৰ পৰা স্থানীয় ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয় ৷

User

কহঁৰা শতবৰ্ষ সমাৰোহ উদযাপন কেন্দ্ৰত অনুষ্ঠিত আলোচনাত উপস্থিত ডি এফ অ’সকলে কৰ্মক্ষেত্ৰত তেওঁলোকৰ অভাৱৰ বিষয়ে অৱগত কৰে সাংসদগৰাকীক ৷ উত্থাপন হোৱা বিষয়বোৰৰ সন্দৰ্ভত সংশ্লিষ্ট বিধায়কসকলৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰীক অৱগত কৰি সামাধানৰ চেষ্টা কৰা হ’ব সাংসদ তাছাই মন্তব্য কৰে ৷

User
বন নিৰাপত্তা বাহিনীৰ উচ্চ পদস্থ বিষয়া তথা দল-সংগঠনৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বৈঠক
কামপুৰ মহগৰিয়াআটিত সন্ধানহীন এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in