ডিজিটেল সংবাদ মেৰাপানীঃ আপোনাৰ যদি কোনো বাহন, এক্সেভেটৰ আছে তেন্তে কাৰোৱাক লীজত দিয়াৰ আগত দহবাৰ ভাৱক। কাৰণ এইবাৰ মেৰাপানীত ওলাইছে আচৰিত চোৰ।
লীজত অনা এখন এক্সেভেটৰ অভিনৱ পদ্ধতিৰে চোৰে কাটি কুটি তহিলং কৰি বিক্ৰী কৰিলে ডেম্পত। সম্প্ৰতি এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে মেৰাপানী অঞ্চলত।
ঘটনা অনুসৰি, দেৰগাঁৱৰ নিবাসী প্ৰীতমজ্যোতি বৰা নামৰ ব্যক্তিজনৰ এখন এক্সেভেটৰ মাটি কটা কামত ব্যৱহাৰৰ বাবে মেৰাপানী সীমান্তৰ ১২ নং ক'লাজানৰ ধুনু ৰাজখোৱা নামৰ এজন ব্যক্তিয়ে চুক্তি কৰি প্ৰায় তিনি বছৰ পূৰ্বে মাহেকীয়া হিচাপত আনিছিল লীজত। পিছে এক্সেভেটৰ আনি কিছুদিন চলাই ঠিকমতেই মালিক পক্ষক মাহেকীয়া টকা আদায় দিছিল লীজত লোৱা পক্ষই।
এই সন্দৰ্ভত এক্সেভেটৰ খনৰ মালিক প্ৰীতমজ্যোতি বৰাই মাজে মধ্যে ভিডিঅ' ক'ল যোগে গাড়ীখনো চোৱাচিতা কৰি আছিল। এক্সেভেটৰখনৰ যান্ত্ৰিক বিজুতি হোৱাত বাহনখনৰ চালক দীপাংকৰ পাঠকৰ ঘৰতেই ৰাখি থোৱা হৈছিল।
এই সন্দৰ্ভত এক্সেভেটখনৰ মালিকে বাহনখনৰ সন্দৰ্ভত লীজত অনা ধুনু ৰাজখোৱা আৰু চালক দীপাংকৰক সোধপোচ কৰাত বিষয়টো এৰাই চলিব আৰম্ভ কৰিছিল। অৱশেষত এক্সেভেটৰখনৰ সন্ধানত গৰাকীয়ে মেৰাপানী আৰক্ষীৰ কাষ চপাতহে ওলাল উৰহী গছৰ ওৰ।
মেৰাপানী আৰক্ষীৰ তৎপৰতাত বাহনখনৰ সন্ধানত নামি পৰাত এক্সেভেটৰৰ চালকজনক আটক কৰাৰ পাছতেই চকু কপালত উঠে আৰক্ষীৰ লগতে মালিক পক্ষৰ। কাৰণ চালকজনৰ লগতে তেওঁৰ মোমায়েক আৰু চাৰিজনে মিলি এক্সেভেটৰখন টুকুৰা টুকুৰকৈ কাটি বিক্ৰী কৰিলে কাবাৰীত।
বহু তদন্তৰ পাছত আৰক্ষীয়ে ৩০/৪০ লাখ টকাৰ এক্সেভেটৰখনৰ সলনি পালে মাত্ৰ চাৰিটা চকা! ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ তদন্ত কৰি চালকসহ পাঁচটা চোৰক আটক কৰাৰ লগতে এক্সেভেটৰখনৰ কটা লোহা ক্ৰয় কৰা ডেম্পটোৰ মালিক ইমতাজ আলিক আটক কৰিছে।
Also Read: ধেমাজি গ্ৰন্থ উৎসৱৰ অষ্টম দিনাও উখল-মাখল ধেমাজি কাছাৰী ময়দান...