ডিজিটেল সংবাদ, মেৰাপানীঃ যি সময়ত ৰাজ্যৰ শিক্ষা বিভাগে সংযোজন কৰা শিক্ষা সেতু এপে শিক্ষক সকলক জ্বলা-কলা খুৱাইছে তেনে সময়তে মেৰাপানীৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়ত স্থাপন কৰা ডিজিটেল এটেণ্ডেচ্ মনিটৰিং চিষ্টেমে সৃষ্টি কৰিছে চমক। গোলাঘাট পূব শিক্ষা খণ্ডৰ অন্তৰ্গত মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হ'ল ডিজিটেল এটেণ্ডেচ আৰু মনিটৰিং ব্যৱস্থা।
ৰাজ্যৰ চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়ত পোন প্ৰথম বাৰৰ বাবে সংযোগ হোৱা ডিজিটেল এটেনডেন্সৰ ব্যৱস্থাই সচেতন অভিভাৱক সকলক আনন্দিত কৰি তুলিছে। অসমৰ ভিতৰত পোন প্ৰথম বাৰৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষক সুমন্ত দাস আৰু শিক্ষক হিতেশ দাসৰ সম্পুৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত মেৰাপানী টাউন প্ৰাথমিক বিদ্যালয়ত সংযোজিত হ'ল এই উন্নত ডিজিটেল এটেনডেন্স মনিটৰিং চিষ্টেম।
এই ব্যৱস্থাৰ জৰিয়তে মাত্ৰ ১৫ মিনিট সময়ৰ ভিতৰতে প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ তথ্য, বিদ্যালয়ত প্ৰৱেশ আৰু ছুটীৰ পিছত অভিভিৱক সকলে নিজৰ সন্তানটিৰ উপস্থিতিৰ সৱিশেষ ম'বাইল যোগে লাভ কৰিব পাৰিব। মঙ্গলবাৰে এই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে গোলাঘাট জিলাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক মনোজ কুমাৰ বৰুৱাই।
Also Read: 'ৰিবি গাচেং' প্ৰসংগ- ৰাইজে বিচাৰিলে ক্ষমা খুজিবলৈ সাজু প্ৰদেশ কংগ্ৰেছৰ সভাপতি