মেৰাপানীৰ ব্যৱসায়ীৰ দুখনকৈ ট্ৰাকৰ বিনিময়ত NSCN ক লাগে ২২ লাখ টকা...

গোলাঘাট জিলা প্ৰশাসনৰ নিষ্ক্ৰিয় ভূমিকাত অসন্তুষ্ট দল, সংগঠন
মেৰাপানীৰ ব্যৱসায়ীৰ দুখনকৈ ট্ৰাকৰ বিনিময়ত NSCN ক লাগে ২২ লাখ টকা...
মেৰাপানীৰ ব্যৱসায়ীৰ দুখনকৈ ট্ৰাকৰ বিনিময়ত NSCN ক লাগে ২২ লাখ টকা...
Published on
Updated on

ডিজিটেল সংবাদ মেৰাপানীঃ নগা উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজিবলৈ গৈ এইবাৰ গোলাঘাট জিলা প্ৰশাসনৰ বিৰুদ্ধে আন্দোলন কৰিব লগাত পৰিছে মেৰাপানীৰ একাংশ দল সংগঠনে। অসমৰ ব্যৱসায়ীক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা তথা নগা বিদ্ৰোহী সংগঠন NSCN ৰ ওচৰত অসমৰ প্ৰশাসনে আত্মসমৰ্পণ কৰাত এতিয়া জাঙুৰ খাই উঠিছে মেৰাপানীৰ দল সংগঠনসমূহ।

উল্লেখযোগ্য যে, বিগত ১৩ দিনে মেৰাপানীৰ পৱন কালিয়া নামৰ এজন ব্যৱসায়ীৰ দুখনকৈ ট্ৰাক জব্দ কৰি ৰাখিছে নগা উগ্ৰপন্থী সংগঠন NSCN য়ে। ট্ৰাক দুখনৰ মুক্তিৰ বিনিময়ত ব্যৱসায়ী জনৰ পৰা উগ্ৰপন্থী সংগঠনটোৱে আন এগৰাকী ব্যৱসায়ীৰ হৈ দাবী কৰিছে ২২ লাখ টকা।

লগতে ব্যৱসায়ীজনলৈ প্ৰেৰণ কৰা ভাবুকি পত্ৰত NSCNয়ে মেৰাপানীক বৃহত্তৰ নাগালিমৰ অন্তৰ্গত বুলিও দাবী কৰিছিল। এইক্ষেত্ৰত NSCN ৰে যোগসূত্ৰৰ কাম কৰিছিল কমলা ৰাণী ধাকা নামৰ মেৰাপানীৰে আন এগৰাকী ব্যৱসায়ীয়ে।

এই সমগ্র ঘটনাৰ বিৰোধিতা কৰি মেৰাপানীৰ একাধিক দল সংগঠন আৰু স্থানীয় ৰাইজে কমলা ৰাণী ধাকাৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত গোচৰ তৰাৰ লগতে NSCN ৰ কবলৰ পৰা ট্ৰাক দুখন উদ্ধাৰ কৰাৰ দাবী জনাইছিল।

কিন্তু ১০ টা দিন উকলি যোৱাৰ পাছতো গোলাঘাট জিলা প্ৰশাসনে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে মেৰাপানীৰ জনসাধাৰণ।

দেওবাৰে মেৰাপানী সাংবাদিক সংস্থাৰ কাৰ্য্যালয়ত এই সন্দৰ্ভত এক সংবাদ মেলৰ আয়োজন কৰে মেৰাপানীৰ একাধিক দল সংগঠনে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু, অনুসূচিত জাতি ছাত্র সন্থা আৰু মেৰাপানী বজাৰ সমিতিয়ে সংবাদ মেলখনত অসম আৰক্ষী তথা গোলাঘাট জিলা প্ৰশাসনৰ এনে মৌনতাৰ বাবে আশ্চৰ্য প্ৰকাশ কৰে।

সংবাদমেলখনৰ জৰিয়তে সংগঠনকেইটাই সোমবাৰৰ পৰা গোলাঘাট জিলা প্ৰশাসনৰ এনে নিষ্ক্ৰিয়তাৰ বাবে এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা জানিবলৈ দিয়ে।

মেৰাপানীৰ ব্যৱসায়ীৰ দুখনকৈ ট্ৰাকৰ বিনিময়ত NSCN ক লাগে ২২ লাখ টকা...
স্বেচ্ছাসেৱী সংস্থাৰ নামত নিষিদ্ধ দ্ৰব্যৰ বেহাঃ প্ৰজেক্ট নৱাৰুণৰ কাৰ্যালয় ছীল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in