সাংবাদিক বিকাশ শৰ্মালৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে ২লাখ টকাৰ সাহায্য: স্বাস্থ্যৰ বুজ ল'লে পীযুষ হাজৰিকাই...

সাংবাদিক বিকাশ শৰ্মালৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে ২লাখ টকাৰ সাহায্য: স্বাস্থ্যৰ বুজ ল'লে পীযুষ হাজৰিকাই...
Published on
Updated on

ডিজিটেল সংবাদ, গোলাঘাটঃ অসমৰ এজন বিশিষ্ট শিশু সাহিত্যিক তথা অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মা এতিয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৷ শনিবাৰে তেওঁৰ স্বাস্থ্যৰ বুজ লৈ মন্ত্ৰী অজন্তা নেওগে আৰ্থিক সাহায্য প্ৰদান কৰে। আনহাতে দেওবাৰে শৰ্মাৰ স্বাস্থ্যৰ বুজলৈ তেওঁৰ আৰু পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

দেওবাৰে পুৱা জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই স্থানীয় বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগ, বিধায়ক বিশ্বজিত ফুকন আৰু প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ সহ বিকাশ শৰ্মাৰ বাসভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অহা বুলি জানিবলৈ দি বিকাশ শৰ্মাৰ স্বাস্থ্যৰ বুজ লয় ৷ লগতে মুখ্যমন্ত্ৰীৰ হৈ ২লাখ টকাৰ চেক চিকিৎসাৰ বাবে প্ৰদান কৰে ৷ ইয়াৰ লগতে পৰিয়ালৰ লোকৰ সৈতে কথাপাতি মন্ত্ৰী পীযুষ হাজৰীকাই বিকাশ শৰ্মাৰ উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷

গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰোহিত গগৈয়ে শিঘ্ৰে শৰ্মাৰ উন্নত চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰিবৰ বাবে মুখ্যমন্ত্ৰীলৈ লিখা চিঠিখন মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰদান কৰে ৷ উল্লেখ্য যে শৰ্মা সম্প্ৰতি গোলাঘাট পুৰণা আমোলাপট্টিৰ মুক্তা দুৱৰা পথৰ বাসভৱনত শয্যাগত অৱস্থাত আছে ৷

সাংবাদিক বিকাশ শৰ্মালৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে ২লাখ টকাৰ সাহায্য: স্বাস্থ্যৰ বুজ ল'লে পীযুষ হাজৰিকাই...
চকু মেলি চোৱা ভগৱান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in