কাজিৰঙাৰ বৰবিলৰ মিচিং ভাষা দিৱস উদযাপন

কাজিৰঙাৰ বৰবিলৰ মিচিং ভাষা দিৱস উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙা: কাজিৰঙাৰ বৰবিলত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৩৯ সংখ্যক মিচিং ভাষা দিৱস৷ মিচিং ভাষাৰ উত্তৰণ, মিচিং জনগোষ্ঠীয় চহকী সংস্কৃতিক বিশ্বৰ মানচিত্ৰত স্থান দিয়াৰ উদ্দেশ্যৰে দেওবাৰে উদযাপন কৰা হয় মিচিং ভাষা দিৱসট৷ কাজিৰঙাৰ ২ নং শিলডুবি বৰবিল মিচিং প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানৰ পতাকা উত্তোলন কৰে বোকাখাত বাংকে মিচিং আগম কৗবাঙৰ সভাপতি বিলাশ পাংগিঙে৷ ২ নং শিলডুবি বৰবিল মিচিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জগত মিলিয়ে স্মৃতি তৰ্পণ কৰাৰ পাছতে বিলাশ পাংগিঙৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা৷

মুকলি সভা উদ্বোধন কৰি বোকাখাত বাংকে মিচিং আগম কৗবাঙৰ প্ৰাক্তন সম্পাদক প্ৰভু কুটুমে মিচিংসকলৰ প্ৰব্ৰজন, মিচিং ভাষাৰ পৰিচয়, মিচিং সাহিত্য সভাৰ কাৰ্যাৱলী, মিচিং ভাষাৰ স্বীকৃতি, প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে বিদ্যালয়ত কি পৰ্যায়ত আছে, প্ৰাথমিক শিক্ষাত মাতৃভাষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোকপাত কৰে৷ ইয়াৰ পাছতে অনুষ্ঠানত বোকাখাত বাংকে মিচিং আগম কৗবাঙৰ সম্পাদক তপন কুটুমে মিচিং ভাষাৰ পাঠদান আৰম্ভণি কৰি মিচিং বৰ্ণমালা তথা শব্দ আৰু বাক্য গঠন সম্পৰ্কে আভাস দিয়ে৷

অনুষ্ঠানত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া উৎপল দলেয়ে কয়, "ভাষা হ’ল জাতি এটাৰ মেৰুদণ্ড স্বৰূপ। ভাষা সুৰক্ষিত অবিহনে এটা জাতি কেতিয়াও সুৰক্ষিত হ’ব নোৱাৰে। এনে প্ৰেক্ষাপটত বৃহত্তৰ অসমীয়া জাতিৰ অন্যতম অংশীদাৰ মিচিং জনগোষ্ঠীক জীয়াই ৰাখিবলৈ হ’লে নৃগোষ্ঠীয় জনগোষ্ঠীটোৱে ব্যৱহাৰ কৰা মিচিং ভাষা জীয়াই ৰাখিব লাগিব৷"

বোকাখাতৰ মিচিং আগম কৗবাং (সাহিত্য সভা)ৰ উপদেষ্টাৰ দায়িত্বত থকা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া দলেয়ে কয় যে, ৰাইজৰ দাবীক শ্ৰদ্ধা জনাই ১৯৮৫ চনত হিতেশ্বৰ শইকীয়া চৰকাৰে মিচিং অধ্যুষিত অঞ্চলৰ শিক্ষাৰ্থীৰ সুবিধা হোৱাকৈ ১০০ খন মিচিং ভাষাৰ বিদ্যালয় স্থাপন কৰিছিল৷ পৰৱৰ্তী সময়ত অগপ চৰকাৰে ১৩০ খন বিদ্যালয় স্থাপন কৰি মুঠ বিদ্যালয়ৰ সংখ্যা ২৩০ লৈ বৃদ্ধি কৰে৷ পিছৰ সময়ছোৱাত অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠীটোৰ ভাষাৰ উত্তৰণৰ বাবে চৰকাৰীভাৱে বিশেষ গুৰুত্ব প্ৰদান নকৰিলেও মিচিং ভাষাই আজি এক গুৰুত্ব লাভ কৰিছে৷

তেখেতে মিচিং জাতীয় সংগঠন, সাহিত্য সংগঠনসমূহক মিচিং ভাষাৰ উত্তৰণৰ বাবে কাৰ্যপন্থা হাতত ল’বলৈ আহ্বান জনায়৷ মুকলি সভাত আমন্ত্ৰিত ব্যক্তি হিচাপে উপস্থিত থাকি কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ তথা যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই কয় যে, পূৰ্বতে যি স্থানৰ পৰা পকী পথৰ শেষ হৈছিল তাৰ পৰাই আৰম্ভ হৈছিল মিচিং গাঁও৷ লক্ষণীয়ভাৱে, স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো মিচিং অধ্যুষিত বিভিন্ন অঞ্চলৰ অনুৰূপ ছবি আজিও দেখা পোৱা যায়৷ তেখেতে কয়, অসমৰ দ্বিতীয় বৃহত্তৰ জনগোষ্ঠী হোৱাৰ পাছতো, চহকী সংস্কৃতি থকাৰ পাছতো মিচিং ৰাইজ প্ৰতি মুহূৰ্ততে অৱহেলিত হৈ থাকিবলগীয়া হৈছে৷ চৰকাৰী ষড়যন্ত্ৰতে মিচিঙৰ লগতে আন আন জনগোষ্ঠীসমূহৰ শিল্প-সাহিত্য-সংস্কৃতিক পণ্যলৈ ৰূপান্তৰিত কৰা হৈছে৷

সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই কয় যে, বোকাখাত বিধানসভা সমষ্টিৰ পৰিৱৰ্তন বিচাৰি ৰাইজে দলে-বলে অতুল বৰাক বিধায়ক কৰি আনিছিল যদিও খাটিখোৱা জনগণৰ বিভিন্ন মৌলিক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত অতি নিৰ্লজভাৱে মৌন হৈ ৰৈছে কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰা৷ যিহেতু মিচিং ভোটে বোকাখাত সমষ্টিত নিৰ্ণায়কৰ ভূমিকা লয় সেয়ে জনগণৰ উত্তৰণ, কাজিৰঙাৰ বৰবিলৰ জনগণৰ উচ্ছেদ কৰিব নোৱাৰাৰ ব্যৱস্থা বিধায়ক তথা মন্ত্ৰী অতুল বৰাই কৰিব নোৱাৰিলে অতুল বৰাৰ বিৰুদ্ধে ৰাইজক একত্ৰিত হ’বৰ বাবেও আহ্বান জনায়৷ সাংবাদিক সাহাই মিচিং ভাষা আৰু জাতিৰ উত্তৰণৰ কামনা কৰাৰ লগতে মিচিং আগম কৗবাং(সাহিত্য সভা)আৰু ৰাইজক শিক্ষা, আৰ্থ-সামাজিক সকলো ক্ষেত্ৰতে একত্ৰিত হৈ কাম কৰি যাবলৈ সকলোকে আহ্বান জনায়৷

মুকলি সভাত বোকাখাত বাংকে মিচিং আগম কৗবাঙৰ প্ৰাক্তন সভানেত্ৰী মিনতি দলে, প্ৰাক্তন সম্পাদক বিমল দলে আদিয়ে ভাষণ প্ৰদান কৰাৰ লগতে মিচিং আগম কৗবাং (সাহিত্য সভা)ৰ বিষয়ববীয়া বিজু পেগু, মণিকান্ত কুটুম আৰু মুকুল দলে আদিকে ধৰি অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে৷ মুকলি সভাত স্থানীয় কেইগৰাকীমান কণমানিয়ে ঐনিতমৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মনোৰঞ্জনৰ দিয়ে৷ অনুষ্ঠানত বোকাখাত নিৱাসী যুৱ বাঁহীবাদক প্ৰফুল্ল কাৰ্দঙে সুন্দৰ বাঁহী বাদনেৰে সকলোকে আপ্লুত কৰে৷ সম্পাদক তপন কুটুমৰ শলাগৰ শৰাই আৰু সভাপতিৰ মন্তব্যৰে দিনজোৰা কাৰসূচীৰ সামৰণি পৰে৷

কাজিৰঙাৰ বৰবিলৰ মিচিং ভাষা দিৱস উদযাপন
পত্নীৰ সৈতে কামাখ্যা ধামত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in