সন্তানসহ নিৰুদ্দেশ বোকাজানৰ মহিলাঃ সম্ভেদ পালে জনাওঁক আৰক্ষীক...
সন্তানসহ নিৰুদ্দেশ বোকাজানৰ মহিলাঃ সম্ভেদ পালে জনাওঁক আৰক্ষীক...

সন্তানসহ নিৰুদ্দেশ বোকাজানৰ মহিলাঃ সম্ভেদ পালে জনাওঁক আৰক্ষীক...

১৩ আগষ্টতে উঠিছিল ৰে'লত আজিলৈকে উপস্থিত নহ'ল ঘৰত
Published on

ডিজিটেল সংবাদ বোকাজান: যোৱা ১৩ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে দুবছৰীয়া সন্তানসহ বোকাজানৰ এগৰাকী মহিলা ৷ জানিব পৰা মতে ১৩ আগষ্ট মঙ্গলবাৰে বোকাজানৰ তলবালিজানৰ ২৮ বছৰীয়া দুই সন্তানৰ মাতৃ প্ৰিয়ংকা কেওঁট নামৰ মহিলাগৰাকীয়ে নিজ পিতৃ গৃহৰ পৰা দুবছৰীয়া কন্যা সন্তান বিদ্যা কেওঁটৰ সৈতে উজনিমুৱা ৰঙিয়া এক্সপ্ৰেছত হোজাই ৰে'ল ষ্টেচনত উঠি বোকাজানলৈ আহিছিল।

কিন্তু আজি পৰ্যন্ত মহিলাগৰাৰী সন্তানৰ সৈতে ঘৰ আহি নাপালে। ইফালে মহিলাগৰাকীৰ স্বামী মহেন্দ্ৰ কেওঁটে বিভিন্ন স্থানত পত্নীক বিচাৰিছে যদিও কোনো সন্ধান পোৱা নাই।

সম্প্ৰতি হোজাই ৰে'ল আৰক্ষী থানা,বোকাজান থানা আৰু বোকাজান ৰে'ল আৰক্ষী থানাত পত্নী আৰু সন্তান সন্ধানহীন হোৱাৰ বিষয়ে লিখিতভাবে অৱগত কৰিছে। উল্লেখযোগ্য যে মহিলাগৰাকীৰ হাতত মোবাইল ফোন নথকাৰ বাবে তেওঁৰ সন্ধান উলিওৱাত যথেষ্ট অসুবিধা হৈছে।

সেয়েহে কোনো লোকে সন্তানসহ মহিলাগৰকীৰ সন্ধান পালে নিকটৱৰ্তী আৰক্ষী থানা অথবা 8472982331নম্বৰত খবৰ দিবলৈ আহ্বান জনাইছে মহিলাগৰাকীৰ স্বামীয়ে ৷

সন্তানসহ নিৰুদ্দেশ বোকাজানৰ মহিলাঃ সম্ভেদ পালে জনাওঁক আৰক্ষীক...
পুত্ৰ বিজেপিত, পিতৃ কংগ্ৰেছত কিদৰে সম্ভৱ? দলীয় কৰ্মীৰ হেঁচাত পদত্যাগ কৰিবলৈ বাধ্য হ'ল অকন বৰা...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in