ডিজিটেল সংবাদ গোলাঘাটঃ আজি গোলাঘাট জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত মিছন ইন্দ্ৰধনুষ ৫.০ৰ সম্পৰ্কে এখন সংবাদ মেল অনুষ্ঠিত হয়। সংবাদমেলখন সম্বোধন কৰে অতিৰিক্ত জিলা উপায়ুক্ত চৈয়দ ৱাছবিৰ সুভানিয়ে।
মিছন ইন্দ্ৰধনুষ ৫.০ অন্তৰ্গত তিনিটা পৰ্যায়ত টীকাকৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব ৭ আগষ্টৰ পৰা ১২ আগষ্টলৈ, ১১ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ আৰু ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ।
প্ৰথম পৰ্যায়ত গোলাঘাট জিলাত ০-১ বছৰ বয়সৰ ৬৯১ শিশু, ১-২ বছৰ বয়সৰ ১৩০৪ শিশু, ২-৫ বছৰ বয়সৰ ৯৪০ আৰু ৬৬৫ গৰ্ভৱতী মহিলা অন্তৰ্ভুক্ত হ'ব। সম্পূৰ্ণ জিলাখনত মুঠ ২৬১তা টীকাকৰন চাইটৰ নক্সা তৈয়াৰ কৰা হৈছে আৰু ২৫ টা ভ্ৰাম্যমান টীকাকৰণ গোট গঠন কৰা হৈছে।
মিছন ইন্দ্ৰধনুষ ৫.০ সম্পূৰ্ণ টিকাকৰণ অভিযানৰ জৰিয়তে শিশুসকলৰ আধৰুৱা টিকাকৰণ সম্পূৰ্ণ কৰাৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ৫ বছৰ বয়স পৰ্যন্ত প্ৰতিটো শিশুৰ টিকাকৰণ আৰু গৰ্ভৱতী মহিলাৰ টীকাকৰন সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০।
আজিৰ সংবাদমেলখনত অতিৰিক্ত জিলা উপায়ুক্তৰ লগতে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড: অনুৰাধা বৰুৱা, অতিৰিক্ত মুখ্য চিকিৎসক আৰু স্বাস্থ্য বিষয়া ড: জেষ্মিন বেগমৰ উপৰি অন্য স্বাস্থ্য বিষয়া উপস্থিত থাকে।
Also Read: আজিৰে পৰা আৰম্ভ তৃতীয় বাৰ্ষিক যোৰহাট জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়নশ্বিপ ২০২৩...