কাজিৰঙাত বিধায়ক অখিল গগৈৰ সংবাদমেল : মুখ্যমন্ত্ৰী ড০ শৰ্মাক সমালোচনা

লোকসভা নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱাব নোৱাৰাত এতিয়া শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী : অখিল গগৈ
কাজিৰঙাত বিধায়ক অখিল গগৈৰ সংবাদমেল : মুখ্যমন্ত্ৰী ড০ শৰ্মাক সমালোচনা
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙা : ‘২০৪১-ত অসম হ’ব মুছলমান প্ৰধান ৰাজ্য। মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছত কাজিৰঙাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা অখিল গগৈৰ।

অখিল গগৈৰ মতে ২০২৬ চনত জে'ললৈ যোৱাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে আৱিষ্কাৰ কৰিছে নতুন সাম্প্ৰদায়িক থিয়ৰি। লোকসভা নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল দেখুৱাব নোৱাৰাত এতিয়া শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী।

লগতে কয়- একপ্ৰকাৰ অস্থিৰতাত ভোগা মুখ্যমন্ত্ৰীয়ে এতিয়া সমগ্ৰ অসমতে এক অস্থিৰ ৰাজনৈতিক পৰিবেশ সূচনা কৰিব বিচাৰিছে। যাৰ বাবে এনেধৰণৰ এক থিয়ৰি আৱিষ্কাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে।

অসমত মুখ্যমন্ত্ৰীয়ে চেম্পলিং চাৰ্ভেত ৪০% মুছলমান জনসংখ্যা আছে বুলি কোৱাত ক্ষোভ ব্যক্ত কৰে অখিল গগৈয়ে। হিন্দু-মুছলমানৰ সংঘৰ্ষ লগোৱাৰ বাবেইে তেঁও চেম্পল চাৰ্ভে লাভ কৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে।

অসমৰ খিলঞ্জীয়া মানুহক যদি সঁচাকৈ ভাল পায় তাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে। ইপিনে অসম চৰকাৰে বানপানীৰ বাবে বিগত সময়ত মেমৰেণ্ডাম দি ২৮ হাজাৰ কোটি টকা বিচাৰিছিল যদিও ২০৫ কোটি টকাহে দিছে কেন্দ্ৰই। এ ফৰ আছাম বুলি কোৱা চৰকাৰে অসমৰ প্ৰতি কৰা এইয়া অন্যায় বুলি কয় অখিল গগৈয়ে।

কাজিৰঙাত বিধায়ক অখিল গগৈৰ সংবাদমেল : মুখ্যমন্ত্ৰী ড০ শৰ্মাক সমালোচনা
নগাঁৱৰ পৌৰাণিক "চেঙা পুখুৰী" সংৰক্ষণৰ প্ৰচেষ্টা বামুণীৰ এচাম সচেতন যুৱকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in