ৰাইজক সমস্যাত পেলাই সম জিলাৰ সদৰ বা ৰাজহ চক্ৰৰ কাৰ্যালয় স্থানান্তৰ নহয়ঃ মৃনাল শইকীয়া

ৰাইজক সমস্যাত পেলাই সম জিলাৰ সদৰ বা ৰাজহ চক্ৰৰ কাৰ্যালয় স্থানান্তৰ নহয়ঃ মৃনাল শইকীয়া

author-image
Asomiya Pratidin
New Update
ৰাইজক সমস্যাত পেলাই সম জিলাৰ সদৰ বা ৰাজহ চক্ৰৰ কাৰ্যালয় স্থানান্তৰ নহয়ঃ মৃনাল শইকীয়া

ডিজিটেল সংবাদ,খুমটাইঃ খুমটাই ৰাজহ চক্ৰ কাৰ্যালয় স্থানান্তৰক লৈ ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী চলি থকা সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই।

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, কাৰ্যালয় স্থাপনক লৈ খুমটাইবাসী ৰাইজৰ লগত আলাপ-আলোচনাৰ মাজেৰহে সিদ্ধান্ত লোৱা হ'ব। এই সন্দৰ্ভত গোলাঘাট জিলা প্ৰশাসন, অভিভাৱক মন্ত্ৰী আৰু বিধায়ক তথা জনতাৰ লগত আলোচনাৰ মাধ্যমেৰেহে সিদ্ধান্ত হ'ব ।

কোনো কাৰণতে জনতাক সমস্যাত পেলাই সমজিলাৰ সদৰ অথবা ৰাজহ চক্ৰৰ কাৰ্যালয় স্থানান্তৰ কৰিবলৈ নিদিয়ে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। প্ৰতিবাদী ৰাইজক ধৈৰ্য্য ধৰাৰ আহ্বান জনাই বিধায়ক মৃনাল শইকীয়াই।

Also Read: এইমছ, গুৱাহাটীত কেইবাটাও নতুন প্ৰকল্প ভাৰ্ছুৱেলী উদ্বোধন প্ৰধানমন্ত্ৰী মোডীৰ...

mrinal saikia