হাতত ব্ৰাছ, ৰং লৈ গোলাঘাটত জাতীয় সংগঠনৰ বিশেষ অভিযান

হাতত ব্ৰাছ, ৰং লৈ গোলাঘাটত জাতীয় সংগঠনৰ বিশেষ অভিযান

Published on

ডিজিটেল সংবাদ,গোলাঘাট: অনা-অসমীয়া ব্যৱসায়ী, মিঞাৰ বিৰুদ্ধে উজনি অসমত জাতীয়-জনগোষ্ঠীয় সংগঠন সোচ্চাৰ হোৱাৰ সময়তে বহস্পতিবাৰে গোলাঘাট নগৰত ৰাজপথলৈ ওলাই আহি জাতীয় সংগঠনে চলালে বিশেষ অভিযান। গোলাঘাটত শেহতীয়াভাৱে গঠন কৰা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া, সদস্যই হাতত ৰঙৰ ব্ৰাছ, ৰঙৰ টেমা লৈ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহৰ কেৱল ইংৰাজীত লিখা নাম ফলকত এফালৰ পৰা লগালে ৰঙা ৰং। এনে অভিযানক কেন্দ্ৰ কৰি নগৰখনত সৃষ্টি হয় অভাৱনীয় পৰিৱেশৰ।

উল্লেখ্য যে, জাতীয়-জনগোষ্ঠীয় সংগঠনৰ গোলাঘাটৰ যৌথ মঞ্চই কেইদিনমানৰ পূৰ্বে ইউনাইটেড চেম্বাৰ্চ অৱ কমাৰ্চ আৰু আসাম চেম্বাৰ্চ অৱ কমাৰ্চক গোলাঘাট নগৰৰ সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানত কেৱল ইংৰাজীত লিখা নাম ফলকসমূহ সলনি কৰি অসমীয়া ভাষাত লিখাৰ লগতে জয় আই অসম লিখাৰ যাৱতীয় ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়। কিন্তু ইউনাইটেড চেম্বাৰ্চ অৱ কমাৰ্চ আৰু আসাম চেম্বাৰ্চ অৱ কমাৰ্চে তেনে যোগাত্মক আহ্বানৰ প্ৰতি কোনো কেৰেপ নকৰি পদক্ষেপ গ্ৰহণ নকৰাত সৰৱ হৈ পৰি আজি নগৰৰ ৰাজপথলৈ ওলাই আহে জাতীয়-জনগোষ্ঠীয় সমূহৰ নেতা, বিষয়ববীয়া, সদস্যসকল।

নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত ডাঙৰ-ডাঙৰকৈ অসমীয়াত নাম ফলক নিলিখিলে পৰিণতি বিষম হ'ব বুলিও তেওঁলোকে হুংকাৰ দিয়ে। নাম ফলকত 'জয় আই অসম' লিখিব লাগিব বুলিও তেওঁলোকে আজি নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰীসকলক সতৰ্ক কৰি দিয়ে। অভিযানৰ খবৰ পাই গোলাঘাটৰ আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হয় আৰু শান্তিপূৰ্ণ পৰিস্থিতিৰ মাজতে সংগঠনসমূহে আজিৰ অভিযানৰ সামৰণি পেলায়।

হাতত ব্ৰাছ, ৰং লৈ গোলাঘাটত জাতীয় সংগঠনৰ বিশেষ অভিযান
চৰাইদেউ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস আয়োজন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in