স্বেচ্ছাসেৱী সংস্থাৰ নামত নিষিদ্ধ দ্ৰব্যৰ বেহাঃ প্ৰজেক্ট নৱাৰুণৰ কাৰ্যালয় ছীল...

ড্ৰাগছ সেৱন কৰি থকাৰ সময়তে উপস্থিত প্ৰশাসনৰ লোক
স্বেচ্ছাসেৱী সংস্থাৰ নামত নিষিদ্ধ দ্ৰব্যৰ বেহাঃ প্ৰজেক্ট নৱাৰুণৰ কাৰ্যালয় ছীল...
স্বেচ্ছাসেৱী সংস্থাৰ নামত নিষিদ্ধ দ্ৰব্যৰ বেহাঃ প্ৰজেক্ট নৱাৰুণৰ কাৰ্যালয় ছীল...
Published on
Updated on

ডিজিটেল সংবাদ বোকাজানঃ বোকাজানৰ লাহৰিজানত প্ৰজেক্ট নৱাৰুণ নামৰ এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাই ড্ৰাগছৰ অবৈধ বেহা চলাই থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে আজি আৰক্ষীয়ে এই বেচৰকাৰী সংস্থাটোৰ কাৰ্যালয় ছীল কৰে প্ৰশাসনে।

অভিযোগ অনুসৰি লাহৰিজানত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই আহিছিল এই বেচৰকাৰী সংস্থাটোৱে। স্থানীয় লোকৰ এনে অভিযোগৰ ভিত্তিতে বোকাজান মহকুমা প্ৰশাসন আৰু খটখটী আৰক্ষীয়ে যৌথ অভিযান চলাই প্ৰজেক্ট নৱাৰুণে চলাই থকা ড্ৰাগছৰ ঘাটি উৎখাত কৰে।

অভিযানৰ সময়ছোৱাত আৰক্ষীৰ দলটোৱে ২০ জনতকৈ অধিক ড্ৰাগছ আসক্ত যুৱক ড্ৰাগছ লৈ থকাৰ অৱস্থাতে উদ্ধাৰ কৰে। ইয়াৰোপৰি আৰক্ষীয়ে ড্ৰাগছৰ লগতে বৃহৎ পৰিমাণৰ চিৰিঞ্জো জব্দ কৰিছে।

আৰক্ষীয়ে আটক কৰিছে সংস্থাটোৰ সঞ্চালক ৰমজান আলীক। ইয়াৰোপৰি ছীল দণ্ডাধীশৰ উপস্থিতিত ছীল কৰিছে প্ৰজেক্ট নৱাৰুণৰ কাৰ্যালয়।

স্বেচ্ছাসেৱী সংস্থাৰ নামত নিষিদ্ধ দ্ৰব্যৰ বেহাঃ প্ৰজেক্ট নৱাৰুণৰ কাৰ্যালয় ছীল...
৮ জুলাইত মণিপুৰলৈ যাব ৰাহুল গান্ধীঃ পৰিদৰ্শন কৰিব আশ্ৰয় শিবিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in