‘বীজ গাঁও’ চাওদাং পথাৰৰ ধানখেতি দেখি অভিভূত নৰৱেৰ কৃষি বিজ্ঞানী

জলবায়ুৰ অস্বাভাৱিক পৰিবৰ্তনৰ সময়ত নৰৱেন দূতাবাস আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিলাষী প্ৰয়াস...

author-image
Asomiya Pratidin
New Update
‘বীজ গাঁও’ চাওদাং পথাৰৰ ধানখেতি দেখি অভিভূত নৰৱেৰ কৃষি বিজ্ঞানী

ডিজিটেল সংবাদ,মেৰাপানী : পৰিবৰ্তিত জলবায়ুৰ সৈতে মোকাবিলা কৰি অসমৰ কৃষিখণ্ডৰ উন্নয়নৰ হকে সহযোগিতা আগবঢ়াই আহিছে নৰৱে চৰকাৰ। বিশেষকৈ বতৰৰ অস্বাভাৱিক পৰিবৰ্তনৰ ফলত সমস্যাত পৰা কৃষকসকলক সকাহ দিয়াৰ স্বাৰ্থত নৰৱেৰ চৰকাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত ৰূপায়ণ কৰি আহিছে এক বিশেষ প্ৰকল্প।

উল্লেখযোগ্য যে ২০১৮ চনত আৰম্ভ কৰা এই প্ৰকল্পৰ জৰিয়তে ইতিমধ্যে অসমৰ গোলাঘাট আৰু শিৱসাগৰ জিলাৰ কেইবা শতাধিক কৃষক ব্যাপকভাৱে উপকৃত হৈছে। নৰৱেন ইষ্টিটিউট অৱ বায় ইকনমি ৰিচাৰ্ছ, চেন্নাইৰ স্বামীনাথন ৰিচাৰ্ছ ফাউণ্ডেচন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ৰূপায়ন কৰা প্ৰকল্পটোৰ জড়িয়তে প্ৰথম পৰ্য্যায়ত বৰ্ণসংকৰ ধানৰ বীজ উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে।

ইতিমধ্যে এই প্ৰকল্পৰ জৰিয়তে গোলাঘাট জিলাৰ মেৰাপানীৰ এটা অঞ্চলক ‘বীজ গাঁও’ হিচাপে স্বীকৃতি দিয়া হৈছে। মেৰাপানীৰ চাওদাং পথাৰ গাঁৱৰ প্ৰায় ৫০০ গৰাকী কৃষক এই প্ৰকল্পৰ অন্তৰ্ভুক্ত হৈ ইতিমধ্যে ধানৰ উৎপাদন দুগুণ কৰাৰ লগতে আৰ্থিকভাৱেও যথেষ্ঠ লাভৱান হৈছে বুলি জানিব পৰা গৈছে।

শুক্ৰবাৰে কৃষিপ্ৰধান চাওদাং পথাৰ গাঁৱৰ কৃষিক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ গাঁৱখনত উপস্থিত হয়হি নৰৱেন দূতাবাসৰ এগৰাকী কনচুলেটৰ। নৰৱেৰ কনচুলেটল এণ্ড্ৰেছ বেঞ্জামিন শ্বাইৰ লগতে NIBIO ৰ কেন্দ্ৰ সঞ্চালক ড০ উদয় শেখৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ একাংশ বিজ্ঞানীৰে গাঁৱখনৰ ধানখেতি প্ৰতক্ষ্য কৰি অভিভূত হৈ পৰে।

চাউদাং পথাৰ গাঁওবাসীয়েও নৰৱেন কনচুলেটৰ গৰাকীক পৰম্পৰাগতভাৱে আদৰণি জনাই অসমীয়া কৃষ্টি সংষ্কৃতিৰ আভাস দিয়ে। জলবায়ুৰ অস্বাভাৱিক পৰিবৰ্তনৰ সময়ত নৰৱেন দূতাবাস আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ এনে অভিলাষী প্ৰয়াসে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৃষিখণ্ডত এক সুদুৰপ্ৰসাৰী প্ৰভাৱ পেলোৱাৰ ইংগিত বহন কৰিছে।

Also Read: চাপৰত জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাচনি পৰীক্ষা সন্দৰ্ভত সজাগতা সভা

assam agricultulture university merapani