কাজিৰঙাত উত্তৰ পূৰ্বাঞ্চলৰ টাইগাৰ ৰিজাৰ্ভৰ উচ্চস্তৰীয় বৈঠক

কাজিৰঙাত উত্তৰ পূৰ্বাঞ্চলৰ টাইগাৰ ৰিজাৰ্ভৰ উচ্চস্তৰীয় বৈঠক

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত উত্তৰ পূৰ্বাঞ্চলৰ টাইগাৰ ৰিজাৰ্ভৰ উচ্চস্তৰীয় বৈঠক

ডিজিটেল সংবাদ, কাজিৰঙাঃ সোমবাৰে কাজিৰঙাৰ আয়’ৰা ৰিজৰ্টত অনুষ্ঠিত হয় ঝাৰখণ্ড, বিহাৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ১২ খন টাইগাৰ ৰিজাৰ্ভৰ উচ্চস্তৰীয় বৈঠক ৷ ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ চমুকৈ এন টি চি এৰ উদ্যোগত অনুষ্ঠিত হোৱা বৈঠকত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ ওপৰত আলোচনা কৰা হয় ৷

তদুপৰি বাঘৰ সংখ্যা নিৰূপণৰ ক্ষেত্ৰত কেমেৰা আৰু নিৰ্দিষ্ট এপসমূহ প্ৰয়োগৰ সুবিধা-অসুবিধাৰ ওপৰত এন টি চি এক অৱগত কৰে বিষয়াসকলে৷ অসমৰ ৪খন টাইগাৰ ৰিজাৰ্ভৰ বিষয়াসকলে বাঘৰ স্থিতি ওপৰত মতামত দাঙি ধৰে৷

Also Read: ১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

kaziranga