নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুকলি কুইজ আৰু বক্তৃতা অনুষ্ঠান

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুকলি কুইজ আৰু বক্তৃতা অনুষ্ঠান
Published on
Updated on

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইকʼ‌‌ আৰু য়ুথ ক্লাৱৰ উদ্যোগত শনিবাৰে ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ লগত সংগতি ৰাখি নুমলীগড় উপকণ্ঠ অঞ্চলৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মুকলি কুইজ আৰু স্বকীয় বক্তৃতা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল বোকাখাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সমল ব্যক্তি প্ৰদীপ শৰ্মা।

ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন বিকাশত কুইজ আৰু স্বকীয় বক্তৃতা অনুষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি তেখেতে বক্তব্য আগবঢ়ায়। অঞ্চলটোৰ ৮খন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ মহেন শইকীয়াই। প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।‌

কুইজ পৰিচালনা কৰে শিক্ষক সঞ্জীৱ শৰ্মা আৰু আব্দুল যামালে। সমান্তৰালভাৱে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে ʼফুল ৰোঁ আহা ʼ শীৰ্ষক অনুষ্ঠান ৰূপায়ন কৰা হয়।

ছাত্ৰছাত্ৰীসকলে বিভিন্ন প্ৰজাতিৰ ফুলৰ পুলি আনি টাব, বিদ্যালয় চৌহদত ৰূপন কৰে। লগতে শাকনিবাৰীত লাই, লফা, পালেং,ধনীয়া আদিৰ বীজ চটিয়ায়। ইকʼ আৰু য়ুথ ক্লাৱৰ উদ্যোগত ছাত্ৰছাত্ৰীসকলক ঐতিহাসিক সমলেৰে সমৃদ্ধ ঠাই পৰিদৰ্শন আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ, প্ৰদূষণ মুক্ত পৰিবেশ সৃষ্টিৰ বাবে উৎসাহিত কৰা, আৱৰ্জনা নিষ্কাষণৰ বাবে কিছুমান কৌশলৰ অনুশীলন কৰা আদি কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। অনুষ্ঠানৰ আঁত ধৰে মৌচুমী গগৈয়ে।

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুকলি কুইজ আৰু বক্তৃতা অনুষ্ঠান
কিশোৰীক ধৰ্ষণ এজন আত্মীয়ৰ, পলাতক অভিযুক্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in