বোকাখাত যোগনীয়াত বাঘৰ আক্ৰমণত গুৰুতৰ ভাবে আহত এজন...
বোকাখাত যোগনীয়াত বাঘৰ আক্ৰমণত গুৰুতৰ ভাবে আহত এজন...

বোকাখাত যোগনীয়াত বাঘৰ আক্ৰমণত গুৰুতৰ ভাবে আহত এজন...

কাজিৰঙাৰ 'টাইগাৰ প্ৰজেক্ট'ক চিকিৎসাৰ দায়িত্ব ল'বলৈ দাবী স্থানীয় ৰাইজৰ
Published on

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতত বানৰ সংহাৰী ৰূপৰ মাজতেই অঘটন। এটা বান আশ্ৰয় শিবিৰৰ কাষতেই বাঘে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰিলে এজনক। জানিব পৰা মতে বোকাখাত যোগনীয়া গাঁৱৰ এটা বান আশ্ৰয় শিবিৰৰ কাষৰে এখন ফুটুকানি হাবিত আশ্ৰয় লৈ থকা এটা বাঘে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে যোগনীয়া গাঁৱৰ চহা শিল্পী কুশ বৰাক।

কুশ বৰা এগৰাকী জনপ্ৰিয় ঢুলীয়া শিল্পী। পৰবৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে আঘাটপ্ৰাপ্ত কুশ বৰাক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ মাজতে বাঘৰ আক্ৰমণৰ খবৰ বিয়পি পৰাৰ লগে লগেই তীব্ৰ আতংকৰ সৃষ্টি হৈছে অঞ্চলটোত।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী অঞ্চলসমূহত আজি কিছু দিনৰ পৰা বাঘৰ উপদ্ৰপ বৃদ্ধি পাইছে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০০৭ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰম্ভ কৰা Tiger Project ৰ বাবেই সমীপৱৰ্তী অঞ্চলসমূহত ক্ৰমাগতভাৱে বাঘৰ আক্ৰমণ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে ভুক্তভোগী ৰাইজে।

বুধবাৰে যোগনীয়া গাঁৱত তেনেদৰে পুনৰ বাঘৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছত গুৰুতৰ ভাৱে আহত চহা শিল্পী কুশ বৰাৰ চিকিৎসাৰ সমুদাই খৰচ Tiger Project কৰ্তৃপক্ষক বহন কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত Tiger Project আৰম্ভ কৰিবৰ সময়ত যিহেতু উদ্যানখনৰ দাঁতিকাষৰীয়া ৰাইজৰ কোনো মতামত গ্ৰহণ কৰাত বিভাগীয় কৰ্তৃপক্ষই কোনো আগ্ৰহ নেদেখুৱালে গতিকে চহা শিল্পীজনৰ দায়িত্ব ল'বলৈ তেওঁলোক বাধ্য।

লগতে শেহতীয়াকৈ বান ক্ষতিগ্ৰস্ত অঞ্চল আৰু বান শিবিৰসমূহত SDRF আৰু NDRFৰ তৰফৰ পৰা প্ৰদান কৰা বান সাহাৰ্যৰ উচিত যোগানৰ প্ৰতি ক্ষতিগ্ৰস্ত ৰাইজক সজাগ কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰখা জীপাল কৃষক শ্ৰমিক সংঘই বাঘৰ আক্ৰমণৰ ঘটনাৰ পাচতেই আঘাতপ্ৰাপ্ত চহা শিল্পীজনৰ চিকিৎসাৰ সমুদায় দায়িত্ব চৰকাৰক তাৎক্ষণিক ভাৱে ল'বলৈ দাবী কৰিছে।

বোকাখাত যোগনীয়াত বাঘৰ আক্ৰমণত গুৰুতৰ ভাবে আহত এজন...
লোহিত নদীৰ পাৰত নিৰ্মাণ হ’ব ৫১ ফুট উচ্চতাৰ পৰশুৰামৰ মূৰ্তি
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in