কাজিৰঙাত পৰিকল্পিত গঁড় হত্যাৰ ঘটনা : চোৰাং চিকাৰীক আটক

কাজিৰঙাত পৰিকল্পিত গঁড় হত্যাৰ ঘটনা : চোৰাং চিকাৰীক আটক

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত পৰিকল্পিত গঁড় হত্যাৰ ঘটনা : চোৰাং চিকাৰীক আটক

ডিজিটেল সংবাদ, কাজিৰঙা : শুকুৰবাৰে কাজিৰঙাত পৰিকল্পিতভাৱে গঁড় হত্যা কৰিবলৈ অহা চোৰাং চিকাৰীক আটক কৰিছে বন বিভাগে। চাইলেন্সাৰসহ চোৰাং চিকাৰী কেইজনক আটক কৰি বন বিভাগে আৰক্ষীক চমজাই দিয়ে।

এই ঘটনাৰে জড়িত লোককেইজন হৈছে- অৰ্জুন ৰংপি, খৰচিং বে, থাইজিল লেকথে আৰু চোবাৰ ইংলেং। এই আটাইকেইগৰাকীৰ ঘৰ কাৰ্বি আংলং জিলাত বুলি জানিব পৰা গৈছে। এই ঘটনাৰ মূল অভিযুক্ত হৈছে অৰ্জুন ৰংপি। ধৃত অৰ্জুনৰ স্বীকাৰোক্তিতে বাকী কেইজন জড়িত থকা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বাগৰী আৰক্ষী আৰু কাজিৰঙা বন বিভাগৰ যৌথ প্ৰচেষ্টাত ধৃত চিকাৰী কেইজনক আটক কৰিবলৈ সক্ষম হৈছে। এই অভিযানত বিশেষভাৱে সহযোগ কৰিছিল কাৰ্বি আংলং আৰক্ষীয়ে। কাৰ্বি আংলং আৰক্ষীয়ে দিয়া খবৰ অনুসৰি বাগৰী আৰক্ষী আৰু কাজিৰঙা বন বিভাগে অভিযান চলাইছিল।

ইতিমধ্যে কাৰ্বি আংলঙৰ ৰংবেঙৱেৰ অৰ্জুন ৰংপিক নগাঁও আৰক্ষীয়ে আটক কৰি কাৰ্বি আংলঙ আৰক্ষীক গতাই দিছে। ইয়াৰ পাছতে কাৰ্বি আংলঙ আৰক্ষীৰ মাৰাথন জেৰাত পোহৰলৈ আহে গঁড় হত্যাৰ পৰিকল্পনাৰ তথ্য।

উল্লেখ্যে যে আজি পুৱা পুনৰ বাগৰী আৰক্ষীয়ে অভিযান চলাই গঁড় হত্যা পৰিকল্পনাৰ সৈতে জড়িত থকা আন এটা চোৰাং চিকাৰী অৰ্জুন ৰংহাঙক ৰংবঙৱেৰ পিং ৰংহাঙ গাঁওৰ পৰা কৰায়ত্ত কৰে। ইপিনে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষী তথা বন বিভাগে।

Also Read: অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি : বিধায়ক ৰূপক শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ

kaziranga