সুৰা ছিণ্ডিকেটৰ মূল অভিযুক্ত প্ৰণতি বৰাক অনা হৈছে বোকাজানৰ ন্যায়িক আদালতলৈ

বোকাজানৰ দুখনকৈ থানা ক্ৰমে ডিলাই থানাৰ গোচৰ নং 38/2023 আৰু বৰপথাৰ থানাৰ 17/2023 আৰু 19/2023 নম্বৰৰ গোচৰত দেওবাৰে নিশা আটক কৰা হৈছিল সুৰা ছিণ্ডিকেট মাষ্টাৰ মাইণ্ড প্ৰণতি বৰাক

author-image
Asomiya Pratidin
New Update
সুৰা ছিণ্ডিকেটৰ মূল অভিযুক্ত প্ৰণতি বৰাক অনা হৈছে বোকাজানৰ ন্যায়িক আদালতলৈ

অভিযুক্ত প্ৰণতি বৰা

ডিজিটেল সংবাদ, বোকাজানঃ বোকাজানৰ দুখনকৈ থানা ক্ৰমে ডিলাই থানাৰ গোচৰ নং 38/2023 আৰু বৰপথাৰ থানাৰ 17/2023 আৰু 19/2023 নম্বৰৰ গোচৰত দেওবাৰে নিশা আটক কৰা হৈছিল সুৰা ছিণ্ডিকেট মাষ্টাৰ মাইণ্ড প্ৰণতি বৰাক।

মঙলবাৰে অৰুণাচলী সুৰা ছিণ্ডিকেটৰ মূল অভিযুক্ত প্ৰণতি বৰাক অনা হৈছে বোকাজানৰ ন্যায়িক আদালতলৈ ।

৩০ মাৰ্চত ডিলাই আৰু বৰপথাৰ আৰক্ষীয়ে জব্দ কৰিছিল দুখনকৈ অবৈধ অৰুণাচলী সুৰাৰ ট্ৰাক। আৰক্ষীয়ে তদন্ত কৰি সদৰি কৰিছিল যে গুৱাহাটীৰ লখৰাৰ আন্ধ্ৰা পাৰ্কিংত লোড কৰা হৈছিল সুৰাসমূহ।

সুৰাৰ এই বৃহৎ ছিণ্ডিকেট চলাই সুৰা নিষিদ্ধ ৰাজ্য মণিপুৰলৈ অৰুণাচলী সৰবৰাহৰ অভিযোগ উত্তাপন হৈছিল প্ৰণতি বৰাৰ বিৰুদ্ধে ।

বোকাজানৰ ন্যায়িক দণ্ডাধীশৰ আদালতৰ পাছতে ডিফুৰ আৰক্ষীৰ জিম্মালৈ নিয়া হ'ব প্ৰণতি বৰাক।

বোকাজানৰ ন্যায়িক দণ্ডাধীশৰ আদালত
বোকাজানৰ ন্যায়িক দণ্ডাধীশৰ আদালত

Also Read: তীব্ৰ প্ৰতিবাদৰ পাছতেই কেইবাখনো জিলাত বন্ধ মোবাইল ইন্টাৰনেট, জাৰি সান্ধ্য আইন...

#pranati bora arrest bukajaan illigal wine