গোলাঘাটত অনা অসমীয়াৰ বিৰুদ্ধে গৰজি উঠিল জাতি জনগোষ্ঠীয় সংগঠন

গোলাঘাটত অনা অসমীয়াৰ বিৰুদ্ধে গৰজি উঠিল জাতি জনগোষ্ঠীয় সংগঠন

author-image
Asomiya Pratidin
New Update
গোলাঘাটত অনা অসমীয়াৰ বিৰুদ্ধে গৰজি উঠিল জাতি জনগোষ্ঠীয় সংগঠন

ডিজিটেল সংবাদ, গোলাঘাট: বহিৰাগত অনা অসমীয়া লোকে অসমত অসমীয়াৰ ওপৰত চলাই থকা দপদপনিৰ বিৰুদ্ধে শনিবাৰে গোলাঘাটত গৰজি উঠিল কুৰিটাতকৈও অধিক জাতীয় সংগঠন। আজি এই জাতীয় সংগঠনসমূহে একত্ৰিত হৈ সময়ে সময়ে অনা অসমীয়া বণিকৰ হাতত খিলঞ্জীয়া অসমীয়া লাঞ্চিত হোৱাৰ বিৰুদ্ধে সকলো মাৰ বান্ধি থিয় হোৱাৰ সংকল্প গ্ৰহণ কৰে।

শেহতীয়াকৈ শিৱসাগৰ জিলাত খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়াই কৰা আক্ৰমণ আৰু নিৰ্যাতনৰ বিৰুদ্ধে সকলো অসমীয়াক একত্ৰিত কৰি তুলিবৰ বাবে শনিবাৰে গোলাঘাটত বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত এক যৌথ মঞ্চ গঠন কৰা হয় ।এই উদ্দেশ্যৰে আজি সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু) গোলাঘাট জিলাৰ মুখ্য কাৰ্যালয়ত গোলাঘাট জিলাৰ এই জাতীয় জনগোষ্ঠীয় সংগঠনৰ উমৈহতীয়া যৌথ মঞ্চ গঠনৰ সন্দৰ্ভত এখনি ৰাজহুৱা অনুষ্ঠিত হয়। সভাত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ,সদৌ তাই আহোম ছাত্ৰ সন্থা ,সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ,কৃষক মুক্তি সংগ্ৰাম সমিতি , টাই আহোম যুৱ পৰিষদ অসম ,জাতীয় সংগ্ৰামী সেনা , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি , অসম চাহ জনজাতি ছাত্ৰ সন্থা ,দুৰ্নীতি বিৰোধী যুৱ শক্তি ,সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ , নিখিল বড়ো ছাত্ৰ সন্থা ,ঠেঙাল কছাৰী ছাত্ৰ সন্থা , আমছু খিলঞ্জীয়া , সোনোৱাল কছাৰী ছাত্ৰ সন্থা ,অসম জাতীয়তাবাদী যুৱ পৰিষদ , বীৰ লাচিত সেনা আদি বহুতো দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

সভাত প্ৰতিটো সংগঠনৰ প্ৰতিনিধিয়ে বক্তব্য প্ৰদান কৰি সময়ে সময়ে অসমৰ মাটিতে অসমীয়া খিলঞ্জীয়া লোকৰ ওপৰত অনা অসমীয়া তথা বহিৰাগত মানুহে আক্ৰমণ কৰা ঘটনাক লৈ সোচ্চাৰ হৈ পৰাৰ লগতে ইয়াৰ বিৰুদ্ধে প্ৰতিজন অসমীয়াক মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনায়। ইয়াৰ বাবে সভাই গোলাঘাট জিলাত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনক একত্ৰিত কৰি এক যৌথ মঞ্চ গঠন কৰাৰ পোষকতা কৰে। এই সভাতেই সৰ্বসন্মতি ক্ৰমে পূৰ্ণ ৰাজখোৱাক মুখ্য উপদেষ্টা ,কৃষ্ণ বৰুৱাক সভাপতি , নিপন গগৈক কাৰ্যকৰী সভাপতি ,মানৱ গগৈ আৰু পাপু শইকীয়াক যুটীয়া সম্পাদক হিচাপেলৈ ৪১ জনীয়া এখন শক্তিশালী সবল সমিতি গঠন কৰে। ইয়াৰ সামান্তৰালকৈ সভাই সৰ্বসন্মতি ক্ৰমে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে ।

প্ৰস্তাৱ অনুসৰি যিসকল থলুৱা অসমীয়া ব্যক্তিয়ে খিলঞ্জীয়া অসমীয়া মানুহৰ ওপৰত অনা অসমীয়া বা বহিৰাগতই আক্ৰমণ কৰা দেখিও প্ৰতক্ষভাৱে অনা অসমীয়াত পক্ষত অৱস্থান ল'ব ,তেনে অসমীয়া ব্যক্তিক সামাজিকভাৱে বৰ্জন কৰা হ'ব। একেদৰে, কোনো অনা অসমীয়া লোকে গোলাঘাটত তেওঁলোকৰ সম্প্ৰদায়ৰ নামত কোনো ধৰনৰ সংগঠন গঠন কৰাৰ পৰা বিৰত থাকিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। যদিহে তেওঁলোকে অসমীয়া জাতিটোৰ উত্তৰণ হোৱাটো বিচাৰে তেন্তে অসমৰ জাতীয় জনগোষ্ঠী সংগঠনৰ লগত একে লগে কাম কৰাৰো আহ্বান জনাই আজিৰ সভাই।

আনহাতে,আজিৰ তাৰিখৰ পৰা প্ৰতিখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ নাম ফলকত ডাঙৰকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে সভাই। লগতে প্ৰতিখন ব্যৱসায়ীক প্ৰতিষ্ঠানত ৯০ শতাংশ থলুৱা অসমীয়া যুৱক যুবতীক নিয়োগ কৰি শ্ৰম আইনৰ অনুসৰি দৰমহা প্ৰদান কৰিব লাগিব প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আন এক প্ৰস্তাৱ অনুসৰি গোলাঘাট জিলাত বসবাস কৰা থলুৱৰ অসমীয়া ব্যক্তিয়ে তেওঁলোকৰ মাটি বাৰীকে আদি কৰি যিকোনো সম্পত্তি বহিৰাগত বা অনা অসমীয়াক বিক্ৰী কৰিব নোৱাৰিব। যি সকল থলুৱা অসমীয়া ব্যক্তিয়ে তেওঁলোকক মাটি কেইটামান টকাৰ লোভত অনাঅসমীয়াক বিক্ৰী কৰিব তেনে অসমীয়া ব্যক্তিক সামাজিকভাৱে বৰ্জন কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে।

একেদৰে, যিসকল বহিৰাগত অনা অসমীয়াই অসমীয়া স্বাভিমান গামোচাখন বহিঃৰাজ্যৰ পৰা আনি আজি তাৰিখটো গোপনে বিক্ৰী কৰি আছে । তেনে ব্যৱসায়ী প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে আজিৰ যৌথ সভাই। গোলাঘাটত অনাঅসমীয়া আৰু বহিৰাগত বণিয়াই থলুৱা অসমীয়াৰ ওপৰত শাৰীৰিক আক্ৰমণ আৰু মানসিক অত্যাচাৰ কৰি নোৱাৰিব বুলি আন এক প্ৰস্তাৱ লোৱা হৈছে। গোলাঘাটৰ বিভিন্ন কামত নিয়োজিত হৈ থকা সন্দেহ যুক্ত নাগৰিকে গোলাঘাট ত্যাগ কৰিবলৈ আজিৰ সভাই আহ্বান জনাই। অন্যথা যৌথ মঞ্চই তেওঁ লোকক চিনাক্ত কৰি বিহীত ব্যৱস্থা ল'ব বুলিও সকীয়াই দিয়া হৈছে । যিসকল থলুৱা ব্যক্তিয়ে সন্দেহ যুক্ত নাগৰিকক ঘৰ ভাড়া দি ৰাখিছে ,তেওঁলোকক নথি পত্ৰ সমূহ গোলাঘাট আৰক্ষীয়ে পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে। এই প্ৰস্তাৱসমূহ গ্ৰহণ কৰি ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সমূহ গোলাঘাটবাসী ৰাইজৰ লগতে সকলো দল সংগঠনক সহযোগিতা বিচাৰে আজি গঠিত যৌথ মঞ্চই।

golaghat