বৃহৎ প্রকল্প, কাজিৰঙা সম্প্ৰসাৰণৰ নামত চলা উচ্ছেদৰ বিৰুদ্ধে বোকাখাতত গণ সমাবেশ

উপস্থিত বিৰোধী ঐক্য মঞ্চ, অসমৰ সম্পাদক লুৰীণজ্যোতি গগৈকে ধৰি একাধিক নেতাৰ অংশগ্ৰহণ
বৃহৎ প্রকল্প, কাজিৰঙা সম্প্ৰসাৰণৰ নামত চলা উচ্ছেদৰ বিৰুদ্ধে বোকাখাতত গণ সমাবেশ
Published on
Updated on

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাত সমষ্টি তথা কাজিৰঙাৰ দাঁতিকাষৰীয়া ৰাইজৰ মাটিৰ অধিকাৰ আৰু মানৱ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত আৰু বৃহৎ হোটেল নিৰ্মাণ তথা কাজিৰঙাৰ অবৈধ সম্প্ৰসাৰণৰ ফলত হোৱা স্থানীয় মানুহৰ উচ্ছেদৰ বিৰুদ্ধে, হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬ নং দফাক লৈ কৰা প্রতাৰণাৰ বিৰুদ্ধে, মূল্য বৃদ্ধি, মাইক্র'ফাইনেন্স, স্মাৰ্টমিটাৰৰ শোষণৰ বিৰুদ্ধে আজি বোকাখাতৰ নাট্যমন্দিৰ প্ৰাংগনত বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ উদ্যোগত এখন গণ সমাবেশ অনুষ্ঠিত হয়। এই গণ সমাবেশত উপস্থিত থাকে বিৰোধী ঐক মঞ্চ, অসমৰ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, চি.পি.আই. (এম.এল) অসম ৰাজ্যিক কমিটীৰ সম্পাদক বিবেক দাস, চি.পি.আইৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক কনক গগৈ, চি.পি.আই (এম) দলৰ ৰাজ্যিক কমিটীৰ সদস্য নিৰংকুশ নাথ, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথ, এই.পি.এইচ.এল.চিৰ অধ্যক্ষ জন ইংতি কাথাৰ, নিখিল ভাৰত কৃষক সভাৰ জয়ন্ত গগৈ, নিখিল ৰাভা জাতীয় পৰিষদৰ ৰাজ্যিক সম্পাদক গোবিন্দ ৰাভাকে আদি কৰি বিভিন্ন নেতৃবৃন্দ।

'আইচা'ৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰে আঁত ধৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে বোকাখাতৰ যুৱ নেতা তথা বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সংগ্রাম সমিতিৰ আহ্বায়ক প্রণৱ দলেয়ে। সমাবেশত সকলোৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জাতি, মাটি আৰু ভেটিৰ নামত সাধাৰণ খাটি খোৱা মানুহক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা ষড়যন্ত্ৰক তীব্ৰ ধিক্কাৰ দিয়ে আৰু সাধাৰণ খাটি খোৱা মানুহে মাটিৰ অধিকাৰ নোপোৱা পৰ্যন্ত সংগ্ৰাম চলাই নিয়াৰ প্ৰতিশ্ৰুতিবদ্ধ হয়।

লুৰিণজ্যোতি গগৈয়ে উদ্বাত্ত কণ্ঠৰে উপস্থিত জনসাধাৰণক সম্বোধন কৰি কয় যে , বিজেপি চৰকাৰ হৈছে পুঁজিপতিৰ চৰকাৰ আৰু অসমৰ স্বয়ং মুখ্যমন্ত্ৰীগৰাকী এজন বেপাৰী মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই কেৱল নিজৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰিছে আৰু তাৰ বিপৰীতে সাধাৰণ খাটি খোৱা মানুহক বিভিন্ন অজুহাত দেখুৱাই নিজৰ থকা মাটিকণৰ পৰা উচ্ছেদ কৰিছে।

কাজিৰঙাত হোটেল নিৰ্মাণৰ নামত ইংলে পথাৰৰ সাধাৰণ মানুহৰ কৃষিভূমি অধিগ্রহণ কৰা হৈছে আৰু আনফালে হিমন্ত বিশ্ব পৰিয়ালে কাজিৰঙাত বাগান, হোটেল সকলো ব্যৱসায় আৰম্ভ কৰিছে। অসম চুক্তিৰ ৬ নং দফাক তেওঁ প্ৰতাৰণা কৰিছে আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে তেওঁ ৬ নং দফাক সম্পূৰ্ণ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।

লুৰিণজ্যোতি গগৈয়ে কয় যে, গৃহ মন্ত্ৰালয়ৰ অনুমোদন অবিহনে মুখ্যমন্ত্ৰীৰ ৬ নং দফাক কাৰ্যকৰী কৰাৰ কোনো ক্ষমতা নাই আৰু এইয়া সম্পূৰ্ণ ৰাজনৈতিক ভেকোভাওনা। উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিধিৰ বিপৰীতে উচ্ছেদ কাৰ্য চলাই হিমন্ত বিশ্ব শৰ্মাই 'উচ্ছেদ'ক সম্পূৰ্ণ ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে।

এফালে কা' জাপি দি অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ হৰণ কৰাৰ চেষ্টা কৰিছে আৰু আনফালে অসম চুক্তিৰ ৬নং দফাক ৰাজনৈতিক ভাৱে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ফলত অসমীয়া সাধাৰণ মানুহৰ জনজীৱনলৈ ভয়ংকৰ দুৰ্যোগ নামি অহাটো খাটাং আৰু ইয়াৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধভাবে যুঁজিব লাগিব।

স্মাৰ্ট মিটাৰৰ প্ৰসংগ উত্থাপন কৰি কয় যে, এইয়া স্মাৰ্ট মিটাৰ নহয়, বিজেপি চৰকাৰৰ 'স্মাৰ্ট ডকাইতি'। বাকীসকল বক্তায়ো বিজেপি চৰকাৰৰ লুণ্ঠন, প্ৰতাৰণাৰ বিৰুদ্ধে সকলো ৰাইজক মাৰবান্ধি থিয় হ'বলৈ আহ্বান জনায়। মিয়া মুছলমান মানুহক উচ্ছেদ কৰি এখন উচ্ছেদৰ ৰাজনৈতিক নাটক সৃষ্টি কৰাৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ সাধাৰণ মানুহৰ মাটি বৃহৎ বণিয়াক গটাই দিয়াৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে সৰ্বাত্মক আন্দোলন গঢ়ি তোলাৰ আহ্বান জনায়।

সভাৰ শেষত বোকাখাতৰ যুৱ নেতা প্ৰণৱ দলেয়ে উপস্থিত ৰাইজক সম্বোধন কৰি কয় যে, বোকাখাতকে ধৰি অসমৰ সকলো ৰাইজৰ মাটিৰ অধিকাৰৰ প্রশ্নত আমি একলগ হ'ব লাগিব আৰু কাজিৰঙাক ৰক্ষাৰ স্বাৰ্থত জীৱন দি হ'লেও কাজিৰঙাৰ স্থানীয় মানুহৰ মাটিৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব আৰু ভৱিষ্যতে ঐক্যবদ্ধ সংগ্রামৰ প্রস্তাব গ্রহণ কৰা হয়। বিৰোধী দলপতি দেবব্রতই শইকীয়া লিখিত ভাষণ পঠায়।

বৃহৎ প্রকল্প, কাজিৰঙা সম্প্ৰসাৰণৰ নামত চলা উচ্ছেদৰ বিৰুদ্ধে বোকাখাতত গণ সমাবেশ
বাহনত প্ৰেছ লিখি প্ৰাক্তন উগ্ৰপন্থীৰ সেনাধ্যক্ষ নামিল নিচাযুক্ত দ্ৰব্য সৰবৰাহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in