ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাটত সদৌ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদৰ উদ্যোগত "ৰাজ্যিক পৰ্যায়ৰ পৰমৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ, অসম চৰকাৰ" আৰু স্থানীয় ৰাইজৰ সহযোগত ৫৪তম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস কেন্দ্ৰীয় ভাৱে উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিব এই দিৱস।
শনিবাৰে অভ্যৰ্থনা সমিতিয়ে এক সংবাদমেল আয়োজন কৰি কয় যে, ৰাভা দিৱসৰ লগত সংগতি ৰাখি ৯-০০ বজাত বিষ্ণুপ্ৰসাদ ৰাভা প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ, ৯-৩০ বজাত স্থানীয় জ্যেষ্ঠ নাগৰিকসকলৰ দ্বাৰা গছপুলি ৰোপণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। আনহাতে ১০-০০ বজাৰ পৰা ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
ইয়াৰ পাছতেই সন্ধ্যা ৬-০০ বজাত সমূহীয়া বন্তি প্ৰজ্বলন, সন্ধিয়া ৭-০০ বজাত পদ্মশ্ৰী সন্মানেৰে বিভূষিত ড° বিৰুৱালা ৰাভালৈ ২০২৩ ফেৰেংগাদাও বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও গোলাঘাটৰ ৬ গৰাকী শিল্পীক সম্বৰ্ধনা আৰু বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন। আনহাতে আমন্ত্ৰিত অতিথিসকল হ'ল সোণাৰী বিধান সভা সমষ্টিৰ বিধায়ক তথা সদৌ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদৰ মুখ্য উপদেষ্টা ধমেশ্বৰ কোঁৱৰ, গোলাঘাট জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীন, গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুস্কিন জৈন।
উল্লেখ্য নিশা ৮-০০ বজাত পৰিষদৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈয়ে। সাংস্কৃতি অনুষ্ঠানত উপস্থিত থাকিব জনপ্ৰিয় গায়ক কৃষ্ণমণি চুতীয়া আৰু পাপৰি গগৈ। সেয়েহে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে অভ্যৰ্থনা সমিতিৰ সভাপতি ৰাজীৱ বৰুৱাই।
Also Read: চিলাপথাৰৰ লালুঙত ভয়ংকৰ দুৰ্ঘটনা: থিতাতে নিহত এজন, আহত...