আইচক্ৰীমৰ নামত কাজিৰঙাত বৰবিহ বিক্ৰী...

আইচক্ৰীমৰ নামত কাজিৰঙাত বৰবিহ বিক্ৰী...
আইচক্ৰীমৰ নামত কাজিৰঙাত বৰবিহ বিক্ৰী...
Published on
Updated on

ডিজিটেল সংবাদ কাজিৰঙাঃ আইচক্ৰীমৰ নামত কাজিৰঙাত বৰবিহ বিক্ৰী ৷প্ৰস্তুতৰ তাৰিখৰ লগতে ম্যাদৰ সময়সীমা নথকা আইচক্ৰীম বিক্ৰী কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াইছে কাজিৰঙাৰ কহঁৰাৰ অস্থায়ী আইচক্ৰীম বিপনীয়ে ৷

উল্লেখ্য যে, উৎকত গৰমে দহিছে সকলোকে ৷ এনেক্ষেত্ৰত একাংশই শৰীৰ শীতল কৰিবৰ বাবে গ্ৰহণ কৰিছে আইচক্ৰীম ৷ কিন্তু কাজিৰঙাৰ কহঁৰাত থকা অস্থায়ী আইচক্ৰীম বিপনীয়ে বিপদ মাতিছে জনস্বাস্থ্যৰ প্ৰতি ৷

খাদ্য সুৰক্ষা বিভাগৰ নিয়ম অনুসৰি প্ৰতিবিধ খাদ্যসামগ্ৰীৰে প্ৰস্তুতৰ তাৰিখৰ লগতে এটা নিৰ্দিষ্ট সময়লৈকে সামগ্ৰীবিধৰ ম্যাদ থাকিব লাগে ৷ কিন্তু সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি আইচক্ৰীম বিক্ৰীৰ অনুজ্ঞাপত্ৰ অবিহনে কাজিৰঙাৰ কহঁৰাত বিক্ৰী কৰি আহিছে এই বৰবিহ স্বৰূপ আইচক্ৰীমসমূহ ৷

কিয়নো এটাও আইচক্ৰীমত নাই প্ৰস্তুতৰ সময়সীমা, নাই ম্যাদৰ থাকিবলগীয়া নিৰ্দিষ্ট সময়সীমা ৷ গুৰুত্বপূৰ্ণ কথাটো এইটোৱেই যে, এই আইচক্ৰীমসমূহৰ প্ৰতি অধিক আকৰ্ষিত বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীসকল ৷

শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ সৈতে হেতালি খেলা এইসমূহ অবৈধ আইচক্ৰীম বিক্ৰীৰ বিপনীৰ ওপৰত খাদ্য সুৰক্ষা বিভাগে কি ব্যৱস্থা লয় সেইয়া হ'ব লক্ষণীয় ৷

আইচক্ৰীমৰ নামত কাজিৰঙাত বৰবিহ বিক্ৰী...
নিশা মোডীৰ আৱাসত বিজেপি শীৰ্ষ নেতাৰ বৈঠকঃ সলনি হ'ব পাৰে শীৰ্ষ নেতৃত্ব !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in