সত্ৰ আয়োগে পৰিদৰ্শন কৰিলে গোলাঘাটৰ তিনিখন সত্ৰঃ ২২ সত্ৰৰ সত্ৰাধিকাৰ-বিষয়ববীয়াৰ সৈতেও বৈঠক..

সত্ৰ আয়োগে পৰিদৰ্শন কৰিলে গোলাঘাটৰ তিনিখন সত্ৰঃ ২২ সত্ৰৰ সত্ৰাধিকাৰ-বিষয়ববীয়াৰ সৈতেও বৈঠক..

author-image
Asomiya Pratidin
New Update
সত্ৰ আয়োগে পৰিদৰ্শন কৰিলে গোলাঘাটৰ তিনিখন সত্ৰঃ ২২ সত্ৰৰ সত্ৰাধিকাৰ-বিষয়ববীয়াৰ সৈতেও বৈঠক..

সত্ৰ আয়োগে পৰিদৰ্শন কৰিলে গোলাঘাটৰ তিনিখন সত্ৰঃ ২২ সত্ৰৰ সত্ৰাধিকাৰ-বিষয়ববীয়াৰ সৈতেও বৈঠক..

ডিজিটেল সংবাদ গোলাঘাটঃ অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা দলে আজি গোলাঘাট জিলাৰ তিনিখন সত্ৰ পৰিদৰ্শন কৰে। প্ৰথমে দলটোৱে জিলাখনৰ গোলাঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত কুমাৰ গাঁও, ন-পমুৱাৰ ঠকৰিয়াল সত্ৰ আৰু তাৰ পিছতেই ঘিলাধাৰী মৌজাৰ নোগোৰা গাঁৱৰ দিহিং সত্ৰ পৰিদৰ্শন কৰি ইয়াৰ অৱস্থাৰ বুজ লয়।

সত্ৰ আয়োগৰ অধ্যক্ষ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত অহা দলটোত আছিল আয়োগৰ সদস্য বিধায়ক মৃণাল শইকীয়া, ৰূপক শৰ্মা আৰু পৰামৰ্শদাতা মাধৱ প্ৰসাদ শৰ্মা। তেওঁলোকৰ সৈতে গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত (ৰাজহ) দামোদৰ বৰ্মন, গোলাঘাটৰ চক্ৰ বিষয়া পাপৰি দাস আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী উপস্থিত আছিল।

আয়োগৰ দলটোৱে দুয়োখন সত্ৰৰ ভূমি সংক্ৰান্তীয় সমস্যাৰ চৰজমিন পৰ্যালোচনা কৰাৰ লগতে সত্ৰসমূহৰ সাঁচিপতিয়া পুথি, তাম্ৰফলি আদিৰ সবিশেষ তথ্য সংগ্ৰহ কৰে। ইয়াৰ পিছতেই গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত জিলাখনৰ ২২খন সত্ৰৰ সত্ৰাধিকাৰ আৰু বিষয়ববীয়াসকলৰ সৈতে দলটোৱে এখন সভাত মিলিত হয়।

আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই সত্ৰত থকা পৌৰাণিক সমলসমূহৰ তালিকা যুগুত কৰি আয়োগৰ ওচৰত দাখিল কৰাৰ লগতে সত্ৰসমূহৰ প্ৰতি যাতে ৰাইজ আকৰ্ষিত হয়, তাৰবাবে এটা উপযুক্ত পৰিৱেশ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ কয় যে, ৰাজ্যখনৰ সত্ৰসমূহৰ মাটি বেদখলমুক্ত কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে প্ৰয়াস অব্যাহত ৰাখিছে।

অহা আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা সত্ৰ আয়োগে ইয়াৰ প্ৰতিবেদন যুগুতকৰণৰ কাম আৰম্ভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে, দুই/তিনিমাহৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হ'ব। ভূমিৰ অভাৱৰ সৈতে যুঁজ দি থকা বিভিন্ন সত্ৰৰ অভাৱ-অভিযোগৰ বুজ লৈ তেওঁ কয় যে, সমস্যাসমূহৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰি দাখিল কৰিবলগীয়া এই প্ৰতিবেদনে চৰকাৰক সত্ৰৰ ভূমিৰ সমস্যা সমাধানত যথেষ্ট সহায় কৰিব।

নতুন প্ৰজন্মক এই সত্ৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে সকলোৱে আন্তৰিকতাৰে কাম কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। সত্ৰ আয়োগৰ আন এগৰাকী সদস্য বিধায়ক মৃণাল শইকীয়াই কয় যে, সত্ৰসমূহক লৈ বহু বিভ্ৰান্তি আছিল। এইসমূহ বিভ্ৰান্তি দূৰ কৰি প্ৰকৃত তথ্য উদ্ঘাটনৰ বাবেই চৰকাৰে এই আয়োগখন গঠন কৰিছে। তেওঁ সত্ৰসমূহক পৰ্যটনৰ কেন্দ্ৰৰূপে গঢ় দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাত অংশ লৈ সত্ৰ আয়োগৰ আন এগৰাকী সদস্য বিধায়ক ৰূপক শৰ্মাই কয় যে, সত্ৰ আয়োগে দাখিল কৰা প্ৰতিবেদনে সত্ৰসমূহে মুখামুখি হৈ অহা ভূমিৰ সমস্যাৰ সমাধানসূত্ৰ উলিওৱাত যথেষ্ট সহায় কৰিব। তেওঁ এইক্ষেত্ৰত সত্ৰৰ ভকত বৈষ্ণৱসকলৰ সহযোগিতা কামনা কৰে।

দলটোৱে পিছত বোকাখাতৰ কুৰুৱাবাহী সত্ৰও পৰিদৰ্শন কৰি সত্ৰখনৰ ভূমিৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত সবিশেষ বুজ লয়। দলটোৰ সৈতে বোকাখাতৰ চক্ৰ বিষয়া সৌভিক দত্ত, সহকাৰী আয়ুক্ত সিদ্ধাৰ্থ সোণোৱাল আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত আছিল।

উল্লেখযোগ্য যে, ৰাজ্যখনৰ সত্ৰসমূহৰ ভূমি সমস্যা সমাধান কৰাৰ লগতে ইয়াৰ ৰক্ষণাবেক্ষণৰ বিষয়টো নিশ্চিত কৰাৰ বাবে অসম চৰকাৰে ২০২১ চনত বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এই সত্ৰ আয়োগখন গঠন কৰিছিল।

Also Read: আপ, আছাৰ প্ৰতিবাদত উত্তাল নামৰূপঃ কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ পুত্তলিকা দাহ...

সত্ৰ আয়োগ