নৃত্য প্ৰশিক্ষণৰ নামত ছাত্ৰীক যৌন নিৰ্যাতন ২ ভাতৃৰ

নৃত্য প্ৰশিক্ষণৰ নামত ছাত্ৰীক যৌন নিৰ্যাতন ২ ভাতৃৰ
Published on
Updated on

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত নৃত্য প্ৰশিক্ষণৰ নামত ছাত্ৰীক প্ৰশিক্ষকে যৌন নিৰ্যাতন চলোৱাৰ এটা ঘটনা পোহৰলৈ আহিছে। ভুক্তভোগী যুৱতী গৰাকীৰ অভিযোগ অনুসৰি ২ অভিযুক্তৰ ভিতৰত এজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ৰঙাঘৰলৈ পঠিয়ালে যদিও এজন অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলতে থকাত যুৱতী গৰাকীয়ে সামাজিক মাধ্যমৰ যোগেদি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এটা পষ্ট দিয়াৰ পাছতে তীব্ৰ চঞ্চল্যৰ সৃষ্টি হৈছে।

যুৱতী গৰাকীৰ অভিযোগ অনুসৰি গোলাঘাট চহৰৰ চন্দন নগৰ নিৱাসী অনন্ত নাৰায়ন বৰা আৰু দুৰ্লভ নাৰায়ন বৰা নামৰ ২ সহোদৰ ভাতৃয়ে গোলাঘাট চহৰত থকা নিজৰ নৃত্য প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দিয়াৰ নামত দীৰ্ঘদিন ধৰি ছাত্ৰী গৰাকীক ভয় ভাবুকিৰে যৌন নিৰ্যাতন চলাই আহিছিল। যদিও প্ৰথম অৱস্থাত ছাত্ৰী গৰাকীয়ে কথাখিনি প্ৰকাশ কৰাৰ ক্ষেত্ৰত শংকাবোধ কৰিছিল পাছত মনত সাহস গোটাই ছাত্ৰী গৰাকীয়ে গোলাঘাটৰ আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে ইতিমধ্যে ছাত্ৰী গৰাকীৰ অভিযোগৰ ভিত্তিত অনন্ত নাৰায়ন বৰুৱাক গ্ৰেপ্তাৰ কৰিছে যদিও আনটো অভিযুক্ত দুৰ্লভ নাৰায়ন বৰা এতিয়াও পলাতক বুলি জানিব পৰা গৈছে।

ছাত্ৰী গৰাকীয়ে সমাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি ভদ্ৰতাৰ মুখা পিন্ধা এই ২টা নৰাধমে দীৰ্ঘ দিন ধৰি তেওঁক যৌন নিৰ্যাতন চলাই আহিছিল। অভিযোগ অনুসৰি নৃত্য প্ৰশিক্ষণ দিয়াৰ নামত নিজৰা ডান্স একাডেমীৰ ভিতৰত বিভিন্ন সময়ত ভুক্তভোগী যুৱতীগৰাকীক ভয় ভাবুকিৰে অপকৰ্ম কৰিছিল ২ ভাতৃয়ে।

বৰ্তমান স্নাতক ডিগ্ৰী পঢ়ি থকা যুৱতী গৰাকীয়ে আৰু অভিযোগ কৰে যে, কেৱল তেওঁকেই নহয়, নিজৰা ডান্স একাডেমীত নৃত্য প্ৰশিক্ষণ লোৱা আৰু কেইবাগৰাকী কিশোৰী যুৱতীক ২ ভাতৃয়ে যৌন নিৰ্যাতন চলাই আহিছে যদিও বহু ভুক্তভোগীয়ে লাজতে মুখ খোলাৰ পৰা বিৰত আছে। ছাত্ৰী গৰাকীয়ে অতি শীঘ্ৰেই পলাতক অভিযুক্ত দুৰ্লভ নাৰায়ন বৰাকো গ্ৰেপ্তাৰ কৰি দুয়োকে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।

নৃত্য প্ৰশিক্ষণৰ নামত ছাত্ৰীক যৌন নিৰ্যাতন ২ ভাতৃৰ
কিশোৰীক ধৰ্ষণ এজন আত্মীয়ৰ, পলাতক অভিযুক্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in