কমাৰবন্ধাত ২১ টা গৰুসহ দুখন বাহন জব্দঃ গাওঁৰক্ষীৰ বাহিনীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ...

কমাৰবন্ধাত ২১ টা গৰুসহ দুখন বাহন জব্দঃ গাওঁৰক্ষীৰ বাহিনীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ...
কমাৰবন্ধাত ২১ টা গৰুসহ দুখন বাহন জব্দঃ গাওঁৰক্ষীৰ বাহিনীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ...
Published on
Updated on

ডিজিটেল সংবাদ গোলাঘাটঃ এইবাৰ গৰু সৰবৰাহকাৰীৰ পৰা গাওঁৰক্ষী বাহিনীয়ে উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উত্থাপন হৈছে গোলাঘাটৰ কমাৰবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত কাবৰুগাওঁ গাওঁৰক্ষী বাহিনীৰ বিৰুদ্ধে।

বৃহস্পতিবাৰে পুৱতি নিশা গোলাঘাটৰ কাবৰুগাঁৱত স্থানীয় গাঁওৰক্ষী বাহিনীয়ে জব্দ কৰে দুখনকৈ গৰুভৰ্তি বাহন। আৰক্ষীৰ পৰা হাত সাৰিবৰ বাবে ভিতৰুৱা পথেদি দেৰগাঁৱ‌ৰ পৰা মেৰাপানী অভিমুখে গৈ থকা অৱস্থাতে AS 05 AC 3872 আৰু AS 12 BC 2101 নম্বৰৰ গৰু ভৰ্তি বাহন দুখন জব্দ কৰি গাওঁৰক্ষী বাহিনীয়ে কমাৰবন্ধা আৰক্ষীক চমজাই দিয়ে।

গাড়ী দুখনত আছিল মুঠ ২১ টা গো-ধন। আৰক্ষীয়ে উক্ত গো-সৰবৰাহৰ লগত জড়িত চাৰিজন লোককো গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰাসকলৰ দুজন হ'ল মইনুল আলী আৰু মুনু আলি।

ইফালে মইনুল নামৰ সৰবৰাহকাৰী জনৰ মাহীয়েক চাহিন চুলতানে গাওঁৰক্ষী বাহিনীয়ে গৰুৰৰ গাড়ী কেইখন এৰি দিয়াৰ নামত ২৬ হেজাৰ টকা লয় বুলি সংবাদ মাধ্যমৰ আগত বিষ্ফোৰক মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে, তেওঁ নিজে আহি তেওঁৰ হাতত থকা ১৬ হেজাৰ ৫০০ টকা মইনুলৰ হাতত দিছে আৰু মইনুলে নিজৰ পৰা বাকীখিনী মিলাই গাওঁৰক্ষী বাহিনীক মুঠ ২৬০০০ টকা দিলে যদিও গাওঁৰক্ষী বাহিনীয়ে চৰম বিশ্বাসঘাটকতা কৰি গাড়ী আৰু গৰুসহ আৰক্ষীক চমজাই দিয়ে।

কমাৰবন্ধাত ২১ টা গৰুসহ দুখন বাহন জব্দঃ গাওঁৰক্ষীৰ বাহিনীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ...
ভাৰত-বাংলা সীমান্তত ৮ টা চোৰাং গৰু, ৩১ চোৰাং চেনী জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in