গোলাঘাটত ছুপাৰী ছিণ্ডিকেটৰ মাফিয়াৰ ঘৰত তালাচী...

গোলাঘাটত ছুপাৰী ছিণ্ডিকেটৰ মাফিয়াৰ ঘৰত তালাচী...
Published on
Updated on
  • গোলাঘাটৰ ধোদৰ আলিত আয়কৰ বিভাগক তালাচী।

  • ছুপাৰী মাফিয়া বুলি পৰিচিত আব্দুল হানান ওৰফে বাবলুৰ ঘৰত চলিছে এই তালাচী।

  • দিন ৪ বজাৰ পৰা নিশা ৯ বজা পৰ্যন্ত চলিয়েই আছে অভিযান।

  • এই অভিযানত আয়কৰ বিভাগে কি উদ্ধাৰ কৰিছে এতিয়ালৈকে জানিবলৈ দিয়া নাই।

  • ধোদৰ আলিৰ বাসগৃহৰ সমীপতে কিছুদিন পূৰ্বে তেওঁ নিৰ্মাণ কৰিছিল এখন ইংৰাজী বিদ্যালয়।

  • কেইবা কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিছিল বিদ্যালয়খন।

  • পূৰ্বতে তেওঁ লালী গুৰৰ ব্যৱসায়ৰ সৈতেও জড়িত আছিল।

  • চোৰাং ছুুপাৰী ছিণ্ডিকেটেৰে জড়িত থকাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে।

  • ছুপাৰী ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগত পূৰ্বতেও গ্ৰেপ্তাৰ হৈছিল হানান।

  • ইয়াৰ উপৰিও তেওঁৰ আছে আন বিশাল ব্যৱসায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in