ডিজিটেল সংবাদ, গোলাঘাটঃ বৃহস্পতিবাৰৰে পৰা গোলাঘাট চহৰৰ সমন্বয় পথাৰত ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা টাই আহোম যুৱ পৰিষদ, অসমৰ অধিৱেশন আৰু টাই আহোম সমাৰোহৰ শুকুৰবাৰে দ্বিতীয় দিনাৰ প্ৰতিনিধি সভাত টাই আহোম যুৱ পৰিষদ, অসমৰ নতুন কাৰ্যনিবাহক সমিতিখন গঠন কৰা হয়। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই আগন্তুক কাৰ্যকালৰ বাবে দিলীপ গগৈক মুখ্য উপদেষ্টা, দিগন্ত তামুলীক সভাপতি, দিলীপ গগৈ (ধেমাজি), প্ৰশান্ত গগৈ, প্ৰসেনজিত গগৈ আৰু ৰাজীৱ গগৈক উপসভাপতি, ভৃগু হাতীমুৰীয়াক কাৰ্যকৰী সভাপতি আৰু শোভম কোঁৱৰ আৰু দীপজ্যোতি দুৱৰাক যুটীয়া সম্পাদক ৰূপে লৈ টাই আহোম যুৱ পৰিষদ, অসমৰ এখনি শক্তিশালী সমিতি গঠন কৰি দিয়ে।
কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়াই সংবাদ মাধ্যমৰ আগত কয় যে- আমি এখন গতানুগতিক অধিৱেশন পাতিব বিচৰা নাই। এই অধিৱেশনৰ লগতে আমি জ্ঞাতি সমাৰোহৰো আয়োজন কৰিছোঁ। এই সমাৰোহলৈ আহোমৰ বচা-বচা জ্ঞাতি বৰ্গকো নিমন্ত্ৰণ কৰিছোঁ। আৰু সকলোৰে লগত আলোচনা মৰ্মে ইয়াৰ পৰাই আহোমৰ ৰাজনৈতিক সুৰক্ষা সম্পৰ্কীয় এক বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা কৰা হ'ব। ৬০০বছৰ শাসন কৰা আহোমসকলৰ ৰাজনৈতিক ভেটি সুদৃঢ় কৰাৰ বাবে চিন্তা চৰ্চা চলি আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে- আজিলৈকে আহোমৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী হ'ল। কিন্তু জাতিটোৰ যেনেদৰে উন্নয়ন আৰু বিকাশ হ'ব লাগিছিল সেয়া নহ'ল। জাতিটোক সুৰক্ষিত কৰিবলৈ হ'লে ৰাজনৈতিক অধিকাৰ লাগিবই। সেয়ে আমি আহোমৰ বাবে এক ৰাজনৈতিক বিকল্পৰ কথা চিন্তা চৰ্চা কৰিছোঁ।
আনহাতে শনিবাৰে অনুষ্ঠিত হ'ব লগীয়া মুকলি সভাত এক ৰাজনৈতিক প্ৰস্তাৱ উত্থাপন কৰা হ'ব আৰু বিভিন্ন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সেই প্ৰস্তাৱৰ সম্পৰ্কে আলোচনা কৰা হ'ব বুলিও জানিবলৈ দিয়ে। এই অধিৱেশনৰ পৰাই ভৱিষ্যতে আমি সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি চাওলুং চুকাফাৰ আৰ্দশৰে আগবাঢ়ি যোৱাৰ বাৰ্তা প্ৰেৰণ কৰিম বুলিও তেওঁ উস্সেখ কৰে। উল্লেখ্য যে, দ্বিতীয় দিনৰ কাৰ্যসূচীৰ পুৱা ৯ বজাত টাইপাৰ কেন্দ্ৰীয় পতাকা উত্তোলন কৰে সভাপতি দিলীপ গগৈয়ে। ইয়াৰ সমান্তৰাল ভাৱে অভ্যথৰ্না সমিতি, টাই আহোম সমাৰোহ আৰু টাইপাৰ গোলাঘাট জিলা সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে অভ্যৰ্থনা সমিতিৰ সভাপতি পূৰ্ণ ৰাজখোৱা, কাৰ্যকৰী সভাপতি দিলীপ কোঁৱৰ আৰু টাইপাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি বিকাশ কোঁৱৰে। আনহাতে পুৱা ৯ বজাত মৈদাম তৰ্পণ কাৰ্যসূচী মুকলি কৰে টাইপাৰ যুটীয়া সম্পাদক দিগন্ত তামুলী আৰু দীপজ্যোতি দুৱৰাই।
ইপিনে চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে টাইপাৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়া আৰু উপদেষ্টা পৱন সন্দিকৈয়ে। ইয়াৰ পাছত প্ৰতিনিধি সভা, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি এখনি আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ পাছতে সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। শনিবাৰে অন্তিম দিনা পুৱাৰ ভাগত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাই গোলাঘাট চহৰখন পৰিভ্ৰমণ কৰাৰ পাছতে জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন আৰু দিনৰ ১বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে উদযাপন সমিতিয়ে। এই সভা উদ্বোধন কৰিব বিত্ত মন্ত্ৰী অজন্তা নেওগে। আৰু নিশালৈ এক বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব।