গোলাঘাটত নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসকৰ চেম্বাৰত উত্তপ্ত পৰিস্থিতি...

গোলাঘাটত নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসকৰ চেম্বাৰত উত্তপ্ত পৰিস্থিতি...

author-image
Asomiya Pratidin
New Update
গোলাঘাটত নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসকৰ চেম্বাৰত উত্তপ্ত পৰিস্থিতি...

গোলাঘাটত নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসকৰ চেম্বাৰত উত্তপ্ত পৰিস্থিতি...

ডিজিটেল সংবাদ গোলাঘাট: গোলাঘাটত এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি আজি এগৰাকী প্ৰসূতি বিশেষজ্ঞ চিকিৎসকৰ চেম্বাৰৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে,বিগত কিছুদিন ধৰি গোলাঘাট ২ নং জামুগুৰিৰ তুলতুল খনিকৰৰ পত্নী কবিতা বৰা খনিকৰক প্ৰসূতিজনিত চিকিৎসা কৰি আছিল শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ গুন দলেই।

চিকিৎসকে চিকিৎসাত গাফিলতি কৰাৰ বাবেই নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ। ভুক্তভোগী পৰিয়ালটোৱে জনোৱা মতে, পৰিয়ালৰ লোকে ৫ ডিচেম্বৰত প্ৰসূতি মহিলাগৰাকীক চিকিৎসকৰ ওচৰলৈ লৈ আনিছিল যদিও চিকিৎসকে উক্ত দিনা ভৰ্তি হ'ব নালাগে বুলি কোৱাত পিছদিনা ৬ ডিচেম্বৰত পুনৰ চিকিৎসালয়ত ভৰ্তি কৰাইছিল ।

কিন্তু চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতো চিকিৎসক আৰু নাৰ্চে চিকিৎসাত গাফিলতি কৰাত নৱজাতকৰ মৃত্যু হয় বুলি অভিযোগ ৰোগীৰ পৰিয়ালৰ। আজি নৱজাতকটিৰ মৃত্যুৰ পিছতে অভিযুক্ত চিকিৎসকজনৰ হাস্পতাল ৰোডত থকা চেম্বাৰত উপস্থিত হৈ চিকিৎসকজনক জৱাবদিহি কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পাছত গোলাঘাট আৰক্ষী, চি আৰ পি এফ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

Also Read: ৩০ গৰাকী প্ৰাৰ্থীৰ মুখত বিৰিঙিল সন্তুষ্টিৰ হাঁহি...

নৱজাতকৰ মৃত্যু