কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰ্ণাঢ্য অনুষ্ঠান

কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰ্ণাঢ্য অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৰ্ণাঢ্য অনুষ্ঠান

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাট জিলাৰ মিছামৰাৰ খনিকৰ শ্ৰীমন্ত জ্যোতি সাংস্কৃতিক ৰঙ্গমঞ্চত শনিবাৰে কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। আনহাতে ৯জুলাই পৰা ২০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন নাট্য-নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানটিয়ো উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিচতে সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় বুলি আয়োজন সমিতিয়ে জানিবলৈ দিয়ে। সন্ধিয়া কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা "জিলমিল জোনাকীৰ চিলমিল পোহৰ" শীৰ্ষক নৃত্যানুষ্ঠান অনুষ্ঠিত কৰা হয়।

ইফালে উক্ত অনুষ্ঠানতে স্থানীয় কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আৰু কেইবাজনো বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা ,বঁটাৰে সন্মানিত কৰা হয়। নিশা কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা নাট্যকাৰ দেৱব্ৰত মহন্তৰ দ্বাৰা ৰচিত আৰু অনুৰাগ বৰাৰ দ্বাৰা পৰিচালিত "লটকন কিয় কৰ এনেখন" আৰু নাট্যকাৰ বুলেন গোহাঁই দ্বাৰা ৰচিত অনুৰাগ বৰাৰ দ্বাৰা পৰিচালিত "মই ৰজা নহওঁ" নাটক মঞ্চস্থ কৰা হয়।

Also Read: সম্পন্ন হ’ল মানকাচৰৰ সুখচৰ সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন

foundation day