মেলামৰা-বাদুলিপাৰ সংযোগী পথৰ দুৰৱস্থাক লৈ অতীষ্ঠ ৰাইজ...

গোলাঘাট জিলাৰ মেলামৰা বাদুলিপাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী পথচোৱা অতিশয় জৰাজীৰ্ণ হৈ পৰাৰ ফলত ৰাইজে বাৰুকৈয়ে দুৰ্ভোগ ভুগিব লগীয়া হৈছে

author-image
Asomiya Pratidin
New Update
মেলামৰা-বাদুলিপাৰ সংযোগী পথৰ দুৰৱস্থাক লৈ অতীষ্ঠ ৰাইজ...

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ মেলামৰা বাদুলিপাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী পথচোৱা অতিশয় জৰাজীৰ্ণ হৈ পৰাৰ ফলত ৰাইজে বাৰুকৈয়ে দুৰ্ভোগ ভুগিব লগীয়া হৈছে । পথটোৰে মালবাহী ডাম্পাৰ কোনো ছেদ-ভেদ নোহোৱাকৈ অহা যোৱা কৰাৰ ফলত পথৰ ওপৰত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে । প্ৰকাণ্ড গাঁত সৃষ্টিৰ ফলত দুৰ্ভোগ ভুগিছে এই পথটিৰে অহা-যোৱা কৰা সাধাৰণ ৰাইজে ।

উল্লেখ্য যে ডাবিডুবিত গৌতম কনষ্ট্ৰাকছন নামৰ এটা কোম্পানীৰ অধীনত চলি থকা নিৰ্মাণস্থলীলৈ প্ৰতিদিনাই অহা-যোৱা কৰে শ শ ডাম্পাৰে । ডাম্পাৰে অত্যধিক সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবেই পথটো এনেদৰে জৰাজীৰ্ণ হৈ পৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই চকু মুদা কুলিৰ হে ভাও ধৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

স্থানীয় ৰাইজে বহুবাৰ আৱেদন জনোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই পথচোৱাত এচপৰা শিলো নেপেলেৱাৰ অভিযোগ কৰিছে । অতি শীঘ্ৰেই কোম্পানীটোৰ ডাম্পাৰে জৰাজীৰ্ণ কৰা পথছোৱা মেৰামতিৰ দাবী কৰিছে ৰাইজে । অন্যথা পথছোৱাত ডাম্পাৰৰ চলাচল বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে ভুক্তভোগী ৰাইজে ।

Also Read: ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীৰ অভিযান: আটক চাৰিজন...

poor road connection