আদৰ্শ গাঁও ম'হপাৰাৰ ঘৰে-ঘৰে থলুৱা বস্ত্ৰ তৈয়াৰ কৰাত ব্যস্ত শিপিনীসকল

আদৰ্শ গাঁও ম'হপাৰাৰ ঘৰে-ঘৰে থলুৱা বস্ত্ৰ তৈয়াৰ কৰাত ব্যস্ত শিপিনীসকল
Published on
Updated on

ডিজিটেল সংবাদ,কাজিৰঙা : পহিলা অক্টোবৰত মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যাক লৈ এতিয়া বিৰামহীন ব্যস্ততা পৰ্যটন উদ্যোগীৰ ৷ ব্যস্তস্তাৰ অন্ত নাই কাজিৰঙাৰ আদৰ্শ পৰ্যটন গাঁৱৰ মহিলাসকলৰ ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁওখন হৈছে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰণালয়ৰ দ্বাৰা স্বীকৃত মহ'পাৰা হস্ততাত আদৰ্শ পৰ্যটন গাঁও। ইতিমধ্যে শিপিনী গাঁও হিচাপে পৰিচিত হৈ পৰিছে গাঁওখন।

অনাগত পৰ্যটন বৰ্ষৰ সেই বাবে তাঁতশালত ব্যস্ত হৈ পৰিছে মহিলাসকল ৷ তাঁতৰ পাটত এখন উন্নত আদৰ্শ গাঁৱৰ সপোন ৰচিছে গাঁৱৰ জীয়াৰী বোৱাৰী সকলে ৷ নিজৰ গাঁৱখনক আদৰ্শ গাঁওৰূপে সজাই তোলাৰ লগতে তাঁতশালৰ মাজতে স্বাৱলম্বনৰ পথ বাচি লোৱাৰ পৰিকল্পনাত ব্যস্ত মহিলাসকল ৷

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত উন্নতমানৰ প্ৰশিক্ষণ গ্ৰহন কৰি বয়ন শিল্পত মনোনিৱেশ কৰিছে মহিলা সকলে ৷ কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ অসমৰ থলুৱা বস্ত্ৰ তৈয়াৰ কৰাত ব্যস্ত মহিলাসকলৰ আশা যে পৰ্যটকৰ মাধ্যমেৰে অসমৰ বয়ন শিল্পক দেশ বিদেশলৈ প্ৰসাৰ কৰিব পৰা যাব ৷ তদুপৰি আমদানিকৃত বস্ত্ৰৰ সলনি থলুৱা বস্ত্ৰই বজাৰ দখল কৰিব পাৰিলে তাৰ মাজেৰে মুকলি হ’ব স্বাৱলম্বনৰ পথ ।

আদৰ্শ গাঁও ম'হপাৰাৰ ঘৰে-ঘৰে থলুৱা বস্ত্ৰ তৈয়াৰ কৰাত ব্যস্ত শিপিনীসকল
জাজৰিবাসীয়ে পথ উৎসৰ্গা কৰি জীৱিত কালতেই সমাজকৰ্মীক দিলে সন্মান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in