দেৱৰাজ ৰয় মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি তিনি দিনীয়া কৰ্মশালা সম্পন্ন...

ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS)ৰ মাণ্ডলিক পৰ্যায়ৰ এখনি কৰ্মশালা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কৰ্মশালাখনী ২৩ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
দেৱৰাজ ৰয় মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি তিনি দিনীয়া কৰ্মশালা সম্পন্ন...

NSS camp

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা সদৰত অৱস্থিত ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS)ৰ মাণ্ডলিক পৰ্যায়ৰ এখনি কৰ্মশালা তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কৰ্মশালাখনী ২৩ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ অনুষ্ঠিত হয় ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ১৬খন কলেজৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ তত্বাবধায়কসহ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰ্মশালাত অংশ গ্ৰহণ কৰে । কৰ্মশালাখনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অধ্যাপক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা বাহিনীৰ প্ৰগ্ৰাম ক’ৰডিনেটৰ ডেভিদ কাৰদং উপস্থিত থাকি শুভ উদ্বোধন কৰে। তিনি দিনীয়া প্ৰশিক্ষণ সূচীত বিভিন্ন বিষয়ত সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰে ক্ৰমে জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা প্ৰগাম অফিচাৰ ড০ ৰণি ৰাজখোৱা, ৰাজ্যিক ধপাত নিৱাৰণী বিভাগৰ হৈ ড০ সুনীতা এক্কাই অংশ গ্ৰহণ কৰে।

NSS zonal camp
NSS zonal camp

চিভিল ডিফেন্সৰ হৈ জিলা বিষয়া বিকাশ শইকীয়াৰ তত্বাৱধানত প্ৰাথমিক চিকিৎসা বিষয়ক প্ৰশিক্ষণ হাতে-কামে প্ৰদান কৰে। অধ্যাপক ড০ সম্ৰাট সেন গুপ্ত, ড০ পৱন ছেত্ৰী, ড০ খীৰোদ দেউৰী, ড০ পৰেশ দত্ত, ড০ ইন্দিৰা গগৈ, ড০ তৰুণ গগৈয়ে বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণ গ্ৰহণৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

NSS
NSS

ৰাষ্ট্ৰীয় সেৱা বাহিনীৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰগ্ৰাম অফিচাৰ ড০ ৰাজীৱ বসুতাৰীৰ তত্ত্বাবধানত সুকলমে সম্পন্ন হ’য়। তদুপৰি প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকল উপকৃত হোৱাৰ কথা ছাত্ৰ ছাত্ৰী-ছাত্ৰীসকলে প্ৰকাশ কৰিাৰ কথাও উল্লেখ কৰে। লগতে তেওঁ কয় যে, ৰাষ্ট্ৰীয় সেৱা আঁচনি হল ভাৰত চৰকাৰ যুৱকল্যাণ আৰু ক্ৰীড়া মন্ত্ৰনালয়ৰ এটা বিভাগ। এই আঁচনিৰ যোগেদি যুৱ ছাত্ৰ-ছাত্ৰী সকলৰ সমাজ সেৱাৰ যোগেদি নিজৰ ব্যাক্তিত্ব আৰু দক্ষতা বিকাশ হৈছে মূল লক্ষ্য। এনেধৰণৰ প্ৰশিক্ষণ কাৰ্যই ছাত্ৰ সমাজৰ লগতে ৰাষ্ট্ৰৰ উন্নয়ত ইতিবাচক ভুমিকা লোৱাত সহায়।

Also Read: " পুনৰ উদ্ধাৰ কৰা হ’ব মৰমৰ কলঙক"...

#Debrajraycollage #NSSCamp