কাজিৰঙাৰ 'অৰণ্য'ত মৃত্যু কলিকতাৰ পৰ্যটকৰ...

কাজিৰঙাৰ 'অৰণ্য'ত মৃত্যু কলিকতাৰ পৰ্যটকৰ...

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ 'অৰণ্য'ত মৃত্যু কলিকতাৰ পৰ্যটকৰ...

কাজিৰঙাৰ 'অৰণ্য'ত মৃত্যু কলিকতাৰ পৰ্যটকৰ

ডিজিটেল সংবাদ কাজিৰঙা: পৰিয়ালসহ কাজিৰঙাত ফুৰিবলৈ আহি হঠাতে মৃত্যু মুখত পৰে কলিকতাৰ পৰ্যটক ৷ যোৱা ২১ মাৰ্চৰ পৰা কাজিৰঙাৰ চৰকাৰী পৰ্যটক নিবাস “অৰণ্য”ত পৰিয়ালসহ বাহৰ পাতি আছিল স্বপন কুমাৰ ভট্টাচাৰ্য নামৰ প্ৰায় ৭১ বছৰেকীয়া পৰ্যটকগৰাকী ৷

ঘটনাৰ সন্দৰ্ভত কাজিৰঙা পৰ্যটন বিভাগৰ উপ-সঞ্চালকৰ পৰা জানিব পৰা মতে বৃহস্পতিবাৰে দুপৰীয়া আহাৰ গ্ৰহন কৰি থকা অৱস্থাত পৰ্যটক গৰাকী অসুস্থ হৈ পৰাত লজৰ কৰ্মচাৰী সকলে জীপ ছাফাৰী কৰাৰ বাবে মানা কৰে যদিও তেওঁ জীপ ছাফাৰী কৰি সন্ধিয়া লজত উপস্থিত হয় ৷

ইয়াৰ পাছতে তেওঁ পুনৰ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষনা কৰে। পৰিয়ালৰ লোকে অৰণ্য লজ কৰ্তৃপক্ষক জনোৱা মতে মৃত লোকজন ইতিপূৰ্বে একাধিক ৰোগত আক্ৰান্ত ৷

Also Read: ৩ বাৰ ব্ৰঞ্জতে সন্তুষ্ট আছিল লাভলীনাঃ এইবাৰ স্বৰ্ণৰ সুযোগ...

কাজিৰঙা