বোকাখাতত গোপনে চলিছে পাম খেতিৰ প্ৰশিক্ষণঃ জীপাল কৃষক সংঘই আনিলে পোহৰলৈ

কৰ্প'ৰেট ধনৰ লালসাত অসমত ভাতৃঘাতী সংঘৰ্ষ নমাবলৈও কুন্ঠাবোধ নকৰে মন্ত্ৰী অতুল বৰাই : সোনেশ্বৰ নৰহ
বোকাখাতত গোপনে চলিছে পাম খেতিৰ প্ৰশিক্ষণঃ জীপাল কৃষক সংঘই আনিলে পোহৰলৈ
বোকাখাতত গোপনে চলিছে পাম খেতিৰ প্ৰশিক্ষণঃ জীপাল কৃষক সংঘই আনিলে পোহৰলৈ
Published on
Updated on

ডিজিটেল সংবাদ বোকাখাতঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ কাল অমানিশা নমাব পৰা সৰ্বনাশী পাম অইল খেতিক যি সময়ত ভাৰতবৰ্ষৰ ১১১ জন বিশেষজ্ঞ তথা বিজ্ঞানীয়ে আৰু অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াই অনুপযোগী তথা জলস্তৰ, পৰিৱেশ তথা জৈৱবৈচিত্ৰৰ পৰিপন্থী বুলি চিহ্নিত কৰি এই খেতিৰ বিৰোধ কৰিছে তেনে সময়ত অসম তথা উত্তৰ-পূবৰ জনতাৰ মত নোলোৱাকৈ কৃষি মন্ত্ৰী অতুল বৰাই অতি কৌশলৰে আৰু গোপনে খেতি কৰাৰ প্ৰশিক্ষণ দিয়াৰ কামত অগপ কৰ্মীক নিয়োজিত কৰা ঘটনা আজি জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিনিধিয়ে ধৰা পেলাবলৈ সক্ষম হয়। তেনে ঘটনা সংঘটিত হৈছে কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ দুসূতিমুখ পঞ্চায়তত।

আশ্চৰ্যকৰ ঘটনাটো হ'ল কেৱল অগপ কৰ্মীক লৈ অনুষ্ঠিত কৰা গোপন প্ৰশিক্ষণক ধৰা পেলাই বাধা আৰোপ কৰা জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিনিধিৰ ওপৰত ক্ষুব্ধ হৈ পৰে অগপৰ পালি নেতা কেইজন। সৰ্বস্তৰৰ ৰাইজৰ ওপৰত দম্ভালি মাৰি হ'লেও সৰ্বনাশী পাম অইল খেতি কৰি ভাতৃঘাতী সংঘৰ্ষ নমাবলৈও কুন্ঠাবোধ নকৰা অতুল বৰাৰ কাণ্ডৰ প্ৰতি তীব্ৰ ক্ষোভ উজাৰে জীপালৰ প্ৰতিনিধিবৰ্গই।

এই কাণ্ডৰ যোগেদি কৰ্প'ৰেটৰ ধন ঘটা আৰু কেন্দ্ৰীয় চৰকাৰৰ তুষ্টিকৰণেই যে মূল এজেণ্ডা ইয়াত কোনো সন্দেহ নাই। লাগিলে অসমৰ কৃষি ভূমি শেষ হওক, পৰিবেশ তথা জৈৱবৈচিত্ৰ ধ্বংস হওক আৰু ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰি হলেও কৰ্প'ৰেটক ৰঙা দলিচা পাৰি দিব তাত মন্ত্ৰী অতুল বৰাৰ একো আহে নাযায় বুলি তীব্ৰ কত্যাক্ষ কৰে জীপালৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহে।

আজি এক সূত্ৰমতে জানিব পাৰি বিভিন্ন প্ৰান্তৰ পৰা লগ হৈ দিনৰ ১২ বজাত উক্ত স্থান দুসূতিমুখ পঞ্চায়তত জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিনিধিয়ে পাম অইল খেতিৰ Luit Educational Services Pvt. Ltd. নামৰ কোম্পানীটোৰ প্ৰশিক্ষকদ্বয়ক থলিতেই তীব্ৰ বিৰোধিতা কৰে। বোকাখাতৰ নৈপৰীয়া অঞ্চলত সৰ্বনাশী পাম অইল খেতিৰ ক্ষেত্ৰত কেৱল ধনৰ প্ৰলোভনক আধাৰ কৰি প্ৰৰোচনামূলক অভিসন্ধিত যে লিপ্ত হৈছে কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰা সোমবাৰে এই পূৰ্বানুমান সঁচা হ'ল জীপাল কৃষক শ্ৰমিক সংঘৰ।

সোমবাৰে মন্ত্ৰী অতুল বৰাৰ পাম অইল খেতিৰ পৰিকল্পনাৰ অংশ হিছাপেই বোকাখাত বিধান সভা সমষ্টিৰ দুসুঁতিমুখ পঞ্চায়তত NMEO - OP আঁচনিৰ অধীনত তৈল পাম খেতিৰ ওপৰত থলুৱা কৃষকক লৈ দুদিনীয়া প্ৰশিক্ষণ আৰম্ভ কৰিছে মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগ‌ আৰু Luit Educational Services Pvt. Ltd. নামৰ কোম্পানীটোয়ে। উক্ত প্ৰশিক্ষণত পাম অইলৰ ক্ষতি আৰু অপকাৰীতাৰ প্ৰসঙ্গ সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি পৰম্পৰাগত কৃষিতকৈ অধিক উৎপাদন আৰু সহজ বিপনণৰ টোপহে দিলে দুগৰাকী প্ৰশিক্ষকে।

উল্লেখযোগ্য যে, ইণ্ডোনেচিয়াকে আদি কৰি বিভিন্ন দেশলৈ এই পাম অইলে মাতি অনা বিৰুপ প্ৰভাৱ আৰু যাদৱ পায়েঙে পাম অইল সন্দৰ্ভত প্ৰকাশ কৰা মন্তব্যকো কৌশলৰে সাধাৰণ কৃষকৰ সন্মুখত নাকচ কৰা হ'ল উক্ত প্ৰশিক্ষণত। পাম অইল খেতিৰ কোনো অপকাৰীতা বা ক্ষতিকাৰক দিশ নাই বুলি কৃষকে পৰম্পৰাগত ভাৱে কৰি অহা তামোল, নাৰিকল আনকি বন্ধাকবি খেতিৰ লগত পাম অইল খেতিক তুলনা কৰিলে প্ৰশিক্ষক দুগৰাকীয়ে।

অৱশ্যে জীপাল কৃষক শ্ৰমিক সংঘৰ সদস্যসকলে উক্ত প্ৰশিক্ষণ শিৱিৰতে দুয়োগৰাকী প্ৰশিক্ষকক পাম অইলৰ ক্ষতিকাৰক দিশসমূহ আঙুলিয়াই দিয়াত "ওপৰ"ৰ নিৰ্দেশত আমি কাম কৰিব লগীয়া হৈছে বুলিও অকপট স্বীকাৰোক্তি দিয়ে প্ৰশিক্ষক দুগৰাকীয়ে। প্ৰশিক্ষণটোত উপস্থিত কৃষকক উৎসাহিত কৰিবলৈ চৰকাৰে অসমৰ ১৮খন জিলাত পাম অইলৰ খেতি কৰাৰ কথা উল্লেখ কৰে আৰু গোলাঘাট জিলাত এই দায়িত্ব পতঞ্জলিক দিয়া বুলি অৱগত কৰে প্ৰশিক্ষক দলটোৱে।

পতঞ্জলিৰ লগত এই খেতিৰ বাবে কৃষক চুক্তিবদ্ধ হোৱাৰ পাছতেই পাম অইলৰ বিনামূলীয়া পুলি আৰু লাগতীয়াল সকলো সুবিধা প্ৰদান কৰিব পতঞ্জলিয়ে। পূৰ্বৰ পৰাই অসমত এই পাম অইল খেতিৰ বিৰোধিতা কৰি অহা জীপাল কৃষক শ্ৰমিক সংঘই আজি পুৱাৰে পৰাই পাম অইল বিৰোধী প্ৰচাৰ পত্ৰ, বেনাৰ আৰু সজাগতামূলক গীতেৰে দুসুঁতিমুখ অঞ্চলত অব্যাহত ৰাখিছে প্ৰতিৰোধ কাৰ্যসূচী।

এই ক্ষেত্ৰত জীপালৰ যুটিয়া সম্পাদক দেৱ পেগুয়ে কয় -"বোকাখাতৰ নৈপৰীয়া অঞ্চল দুসঁতিমুখতো বাদেই দিয়ক মন্ত্ৰী অতুল বৰাই অসমৰ য'তেই পাম অইলৰ খেতি কৰিবলৈ চেষ্টা কৰিব তাতেই জীপালে গঢ়ি তুলিব তীব্ৰ প্ৰতিৰোধ সংগ্ৰাম"।

এই ক্ষেত্ৰত পাম অইলৰ খেতিৰ প্ৰতি অসমৰ কৃষকক প্ৰৰোচিত কৰি কৃষকৰ মাজত এক ভাতৃঘাটি সংঘাত সৃষ্টি কৰিবলৈ ওলোৱা বুলি কৃষি মন্ত্ৰী অতুল বৰাক কঠোৰ সমালোচনা কৰি জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে কয়, “এই পৰিস্থিতি ভয়াবহ হলে তাৰ বাবে সম্পূৰ্ণ জগৰীয়া হ'ব কৃষি মন্ত্ৰী অতুল বৰা। উত্তৰ পূৰ্বাঞ্চলৰ মনিপুৰ, নাগালেণ্ড, মিজোৰামত পাম অইলৰ খেতি কৰা খেতিয়কে ইতিমধ্যে নিজ হাতেৰে কাটি খাস্তাং কৰিছে। উপলব্ধি কৰিছে পৰিবেশ তন্ত্ৰৰ ওপৰত পৰা প্ৰভাৱ সম্পৰ্কে। ইয়াৰ বিপৰীতে পৰিবেশ তন্ত্ৰ আৰু থলুৱা কৃষিৰ ওপৰত মোক্ষম আঘাট হনা পাম অইলৰ খেতি মন্ত্ৰী অতুল বৰাই কোৱাৰ দৰে বহনক্ষম খেতি হ'বই নোৱাৰে"।

তেওঁ পুনৰ কয় "অসমৰ জলস্তৰ, পৰিবেশ তন্ত্ৰক কেৱল শকত ধনৰ লালসাত বনীয়া গোষ্ঠীক চমজাই দি অসমত পাম অইলৰ খেতি কৰিলে অনাগত সময়ত কৃষি মন্ত্ৰীগৰাকী জীপালৰ তীব্ৰ প্ৰতিৰোধ সংগ্ৰামৰ মুখামুখি হ'ব লাগিব বুলিও সকিয়াই দিয়ে।লগতে বিবৃতিৰ যোগেদি সভাপতি হেম ফুকন, যুটীয়া সম্পাদক জেহিৰুদ্দিন আহমেদ , মুখপাত্ৰ প্ৰবীণ পেগু, মণিকংকণা বৰবৰা, সাংগঠনিক সম্পাদক পবিত্ৰ টাইদ আৰু অভি কুটুমে স্পষ্ট কৰি দিয়ে জনতাৰ পথাৰত প্ৰতিৰোধ সংগ্ৰাম অব্যাহত থাকিব জীপাল কৃষক শ্ৰমিক সংঘৰ।

বোকাখাতত গোপনে চলিছে পাম খেতিৰ প্ৰশিক্ষণঃ জীপাল কৃষক সংঘই আনিলে পোহৰলৈ
সাধাৰণ নহয় এই প্ৰাপ্তিঃ কিমান উপেক্ষা, কিমান যে অপেক্ষা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in