মৰিয়নিৰ পৰা নাগালেণ্ডলৈ প্ৰেৰণ কৰা অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ...

অধিন মুনাফা লাভৰ আশাৰে বেআইনী কামত লিপ্ত সুৰা ব্যৱসায়ী
মৰিয়নিৰ পৰা নাগালেণ্ডলৈ প্ৰেৰণ কৰা অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ...
মৰিয়নিৰ পৰা নাগালেণ্ডলৈ প্ৰেৰণ কৰা অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ...
Published on
Updated on

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাট জিলাৰ দুগৰাকীকৈ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বিশেষ আৰক্ষীৰ দলে আজি পুৱা অভিযান চলাই এখন সুৰা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে পুৱা প্ৰায় ৭ বজাত যোৰহাটৰ মৰিয়নিৰ পৰা তিতাবৰ হৈ গোলাঘাট জিলাৰ মেৰাপানী অভিমুখে ৩২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে অবৈধভাৱে সুৰা সৰবৰাহৰ সময়তে ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত মক্ৰং তিনিআলিত ট্ৰাকখন জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত ট্ৰাকখনৰ নম্বৰ এ এছ ০৩ বি চি ৭০৩০।

ইয়াৰ পিছতে ট্ৰাকখন ঘিলাধাৰী আৰক্ষী থানালৈ সুৰা ভৰ্তি ট্ৰাকখন লৈ অনা হয়। ইয়াৰ পিছতে আৰক্ষী থানাখনত গোলাঘাট জিলা আৰক্ষী অধীক্ষকো উপস্থিত হয়। এই বাহনখনৰ পৰা আৰক্ষীয়ে মুঠ ৯৫৯ টা সুৰাৰ কাৰ্টুন জব্দ কৰাৰ লগতে চালকসহ মুঠ ৭ জনকৈ লোকক আটক কৰিছে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে যোৰহাটৰ এটা ৱেৰ হাউচৰ পৰা এই সুৰাখিনি আনি মৰিয়নিৰ দোকানত বিক্ৰী নকৰি দুদিনমানৰ পিচত নাগালেণ্ডলৈ অধিক টকাৰ লোভত বিপুল দেউৰী নামৰ লোক জনে প্ৰেৰণ কৰিছিল। এই বিষয়ে অৱগত হৈ গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙে দুগৰাকী উপ-আৰক্ষী অধীক্ষকৰ সহায়ত নাকা চেকিং লগাই ঘিলাধাৰী আৰক্ষীৰ সহযোগত এই ট্ৰাকখন জব্দ কৰে।

মৰিয়নিৰ পৰা নাগালেণ্ডলৈ প্ৰেৰণ কৰা অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ...
ৰঙাপৰাত গৰু চোৰৰ সন্ত্ৰাসঃ ৰক্ষা নপৰিল গাভিনী গৰুও...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in