২৭ টা মৃত পক্ষীসহ দুজনক কৰায়ত্ব

২৭ টা মৃত পক্ষীসহ দুজনক কৰায়ত্ব
Published on
Updated on

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চুঙাজানৰ শল’গুৰিত ২৭ টা মৃত চৰাইসহ দুজন নগালোকক আৰক্ষীয়ে ধৰি নাওঁজান খণ্ড বনবিভাগক চমজাই দিয়ে ৷ জানিব পৰা মতে শনিবাৰে নিশা প্ৰায় দুই বজাত চুঙাজানৰ শ’লগুৰিৰ গাঁওৰক্ষী বাহিনীয়ে ডিমাপুৰ অভিমুখী NL 07 C 5758 নমবৰৰ গাড়ীখন সন্দেহবসত ৰখোৱাত গাড়ীৰ ভিতৰৰ চিটত ভাটৌ, কপৌ,বুলবুলি আদি বিভিন্ন প্ৰজাতিৰ ২৭ টা মৃত চৰাই প্ৰত্যক্ষ কৰে ৷

গাড়ীখনৰ দুই আৰোহী ক্ৰমে ইট’কা অ’চমা (Itoka Assumi) আৰু অবেক’ জ’ন’ (Obeka Jino) ক চৰাই সহ চুঙাজান আৰক্ষীক গতাই দিয়াৰ পিছত আৰক্ষীয়ে নাওজানস্থিত বনবিভাগক চমজাই দিয়ে ৷ বৰ্তমান দুই অভিযুক্তৰ ওপৰত বনবিভাগে এক গোচৰ ৰুজু কৰি জেৰা চলাই আছে ৷ আনহাতে মৃত চৰাইবোৰো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি বন বিভাগৰ সূত্ৰে জানিব পৰা গৈছে ৷

২৭ টা মৃত পক্ষীসহ দুজনক কৰায়ত্ব
পাগলদিয়া নৈত গা ধুবলৈ গৈ সলিল সমাধি লোকশিল্পীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in