সাংসদ গৌৰৱ গগৈক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ হুংকাৰ কোনে দিলে ?

সাংসদ গৌৰৱ গগৈক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ হুংকাৰ কোনে দিলে ?

author-image
Asomiya Pratidin
New Update
সাংসদ গৌৰৱ গগৈক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ হুংকাৰ কোনে দিলে ?

ডিজিটেল সংবাদ, নুমলীগড়: "এইবাৰ কলিয়াবৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ গৌৰৱ গগৈক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ব ।" ৰাজহুৱা সভাত এইবাৰ গৌৰৱ গগৈক হুংকাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ । বিজেপিৰ মহা জনসম্পৰ্কৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিধায়ক ফুকনে ।

উল্লেখ্য যে সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছৰ ৬০ বছৰীয়া কাৰ্য্যকাল আৰু বিজেপিৰ যোৱা ৯ বছৰত হোৱা উন্নয়নৰ কায্যকালৰ মাজত আকাশ-পাতাল পাৰ্থক্য বুলি অৱগত কৰে । উল্লেখ্য যে এই জনসভাত বহু লোকৰ উপস্থিতি পৰিলক্ষিত হয় ।

সভাত কামাখ্যা প্ৰসাদ তাচা, মন্ত্ৰী অজন্তা নেওগ, সুশান্ত বুঢ়াগোহাঁইকে ধৰি বহুকেইজন বিজেপিৰ বিধায়ক, বিষয়ববীয়াই অংশ লয় । ইফালে বিজেপিৰ পৰা গোলাঘাটৰ তিনিজন সক্ৰিয় বিধায়কৰ মাজৰ পৰাই এজনক কলিয়াবৰ সমষ্টিৰ আগন্তুক নিৰ্বাচনৰ বাবে প্ৰক্ষেপ কৰা হ'ব বুলি সাংবাদ মাধ্যমৰ আগত সৰ্বানন্দ সোণোৱালে মত পোষণ কৰে ।

GOURAV GOGOI