ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া ম'হে সন্ত্ৰাসৰ সৃষ্টি কৰিছে দাঁতিকাষৰীয়া ম'হপাৰা গাঁৱত। বিগত এপষেক ধৰি ম'হটোৱে আশ্ৰয় লৈ আছে গাওঁখনৰ ধাননি পথাৰত।
যাৰ বাবে বিপদত পৰিছে গঞা। পকা ধান চপোৱাৰ লগতে পোহনীয়া পশুধন পথাৰৰ পৰা আনিবলৈ এতিয়া চিন্তাত পৰিছে গাঁওখনৰ ৰাইজ। বন বিভাগক বাৰে বাৰে অনুৰোধ কৰিছে যদিও কোনো স্থায়ী সমাধানৰ ব্যৱস্থা কৰা নাই বন বিভাগে।
মাত্ৰ সন্ধিয়া কিছু সময়ৰ বাবে আহি ম'হটোক খেদি পঠোৱাৰ ব্যৱস্থা কৰে যদিও পুনৰ ম'হটো আহি ধাননি পথাৰৰ পোহনীয়া ম'হৰ জাকৰ লগত আশ্ৰয় লয়।বন বিভাগক বিষয়টো গুৰুত্ব সহকাৰে লৈ ইয়াৰ স্থায়ী সমাধানৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে।
Also Read: ধেমাজি যুৱ কংগ্ৰেছৰ উদ্যোগত য়ুথ জোড়ো যাত্ৰা