নুমলীগড় শোধনাগাৰৰ শোষিত শ্ৰমিকৰ পথ অৱৰোধ কৰি প্ৰতিবাদ...

নুমলীগড় শোধনাগাৰৰ শোষিত শ্ৰমিকৰ পথ অৱৰোধ কৰি প্ৰতিবাদ...
নুমলীগড় শোধনাগাৰৰ শোষিত শ্ৰমিকৰ পথ অৱৰোধ কৰি প্ৰতিবাদ...
Published on
Updated on

ডিজিটেল সংবাদ নুমলীগড়: নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰৰ সন্মুখৰ মূলপথ অবৰোধেৰে বঞ্চিত শোষিত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ ৷ নুমলীগড় শোধনাগাৰৰ বাৰ্ষিক শ্বাট ডাউনৰ কামত মেচাৰ্ছ ফকৰুদ্দিন আলি আহমেদ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ অধীনত নিয়োজিত শ্ৰমিকে প্ৰাপ্য মজুৰি আদায় নোপোৱাত ক্ষোভিত হৈ পৰিছে শ্ৰমিকসকল ৷

অসম তথা বহিঃৰাজ্যৰ দুই শতাধিক শ্ৰমিকে মাৰ্চ মাহৰ পৰা শ্বাট ডাউনৰ কাম সম্পূৰ্ণ কৰি দিয়াৰ পিছতো প্ৰতিষ্ঠানটোৱে অদ্যাপি প্ৰাপ্য মজুৰি প্ৰদান নকৰাত খাদ্য - বাসস্থানৰ অভাৱত পথৰ ভিক্ষাৰী হ'ব লগা হৈছে ৷ যাৰ পৰিণতিত তিনিদিন ধাৰাবাহিক আন্দোলনৰ পিছত আজি শোধনাগাৰৰ মুখ্যদ্বাৰ পুৱা প্ৰায় ৪০মিনিট সময় অবৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

অবশেষত গোলাঘাট জিলা প্ৰশাসন আৰু নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নৰ বুজনিত শ্ৰমিকসকল ক্ষান্ত হয় যদিও মুখ্যদ্বাৰৰ কাষতে অবস্থান ধৰ্মঘটেৰে প্ৰতিবাদ অব্যাহত ৰাখে ৷ শীঘ্ৰেই এন আৰ এল কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণেৰে প্ৰাপ্য মজুৰি আদায় দিয়াৰ দাবী জনাইছে শ্ৰমিক সংগঠনৰ লগতে বঞ্চিত শ্ৰমিকসকলে ৷

নুমলীগড় শোধনাগাৰৰ শোষিত শ্ৰমিকৰ পথ অৱৰোধ কৰি প্ৰতিবাদ...
গোলাঘাটৰ মৰঙিত প্ৰৱল ধুমুহাই তচনচ কৰিলে বহু পৰিয়ালৰ বাসগৃহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in