আজি বিশ্ব গঁড় দিৱস

আজি বিশ্ব গঁড় দিৱস
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ আজি বিশ্ব গঁড় দিৱস ৷ গঁড় সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবে ২০১০ চনৰ পৰা ২২ ছেপ্তেম্বৰৰ দিনটো বিশ্ব গঁড় দিৱস হিচাবে পালন কৰি অহা হৈছে ৷

উল্লেখযোগ্য যে, গঁড় সংৰক্ষণৰ ক্ষেত্ৰত অসমে বহন কৰি আহিছে এক গৌৰৱোজ্বল ইতিহাস ৷ য’ত বৃটিছ শাসনৰ দিনতে কাজিৰঙাত গঁড়ৰ অস্তিত্বৰ প্ৰমান লাভ কৰাৰ পৰা বৰ্তমানলৈকে গঁড়ৰ সংখ্যা বৃদ্ধিয়ে বিশ্ব দৰবাৰত অসমে লাভ কৰিবলৈ সক্ষম হৈছে সুকীয়া পৰিচয় ৷

সমান্তৰালভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গ্ৰামাঞ্চলৰ লোকসকলো গঁড় সংৰক্ষণৰ সফলতাৰ অন্যতম অংশীদাৰ৷ এই ক্ষেত্ৰত কাজিৰঙাৰ স্থানীয় লোকৰ মতে কাজিৰঙাত গঁড়ৰ সুৰক্ষাৰ ক্ষেত্ৰত সদা সচেষ্ট কাজিৰঙা বাসী৷ এশিঙিয়া গঁড়ৰ বাবে বিশ্বত স্বীকৃতি লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে পৰ্যটনৰ দিশতো আগবাঢ়ি যোৱাৰ সুবিধা লাভ কৰিছে কাজিৰঙা বাসীয়ে ৷

আজি বিশ্ব গঁড় দিৱস
২৪ ছেপ্টেম্বৰত ড্ৰাই দে' ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in