ডিজিটেল সংবাদ,কাজিৰঙা : পৰিস্কাৰ-পৰিচ্ছন্নতাৰ মাজেৰে চৌপাশ সেউজীয়া কৰি পৰ্যটন আগবঢ়াই নিয়াৰ সংকল্পৰে কাজিৰঙাত উদযাপন কৰা হয় বিশ্ব পৰ্যটন দিৱস ৷ বুধবাৰে আয়োজন কৰা এক উছৱমুখৰ পৰিৱেশত 'ট্যুৰিজিম এণ্ড গ্ৰীণ ইনভেষ্টমেণ্ট' থীম হিচাপে লৈ কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত বিশ্ব পৰ্যটন দিৱসটি পালন কৰা হয়।
এই দিৱসত ৫শতাধিক লোকে পৰিৱেশ সংৰক্ষণৰ মাজেৰে পৰ্যটন কৰাৰ সংকল্প লয় ৷ উল্লেখ্য যে ১৯৩৮ চনতে আৰম্ভ হোৱা কাজিৰঙাৰ পৰ্যটন উদ্যোগে ৪কুৰি বছৰ অতিক্ৰম কৰাৰ পাছতো বিশেষ একো আগনবঢ়াৰ বাবেই উদ্যোগটোক এক নতুন মাত্ৰা দিয়াৰ উদ্দেশ্যে কাজিৰঙা অধ্যয়ন চক্ৰই এলানি কাৰ্যসূচী ইতিমধ্যেই হাতত লোৱা বুলি জানিবলৈ দিয়ে ৷
ইয়াৰ এক অংশ স্বৰূপেই আজি বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচী হাতত লয় কাজিৰঙাৰ শৈক্ষিক-সামাজিক-সাংস্কৃতিক সংগঠনটোৱে ৷ ভাৰত পৰ্যটনে মুখ্য সহযোগিতা কৰা দিৱসটিৰ সকলো অনুষ্ঠানত সহযোগ কৰে ছামিট-হোটেল এণ্ড ৰিচৰ্ট, কাজিৰঙাৰ বৰগছ ৰিচৰ্ট, আইডেল অভিযান, কহঁৰা আই টি আই, অসম পৰ্যটনৰ কহঁৰাস্থিত উপ-সঞ্চালক কাৰ্যালয়, সদৌ অসম ট্যুৰিষ্ট গাইড সন্থা, কাজিৰঙা ট্যুৰিষ্ট গাইড সন্থা, কহঁৰা বাৰোৱাৰী দুৰ্গাপূজা সমিতি,কহঁৰা বজাৰ সমিতি,কাজিৰঙা হোটেল এচ’ছিয়েছন, পৰ্যটন যুৱ ক্লাৱ, হাতীখুলি চাহ বাগিচা কৰ্তৃপক্ষ আদিয়ে ৷
পুৱা গছপুলি ৰোপনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। বন আৰু পৰ্যটন বিভাগৰ চৌহদত গছপুলি ৰোপণ কৰে- বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পৰিস্মিতা দিহিঙীয়া, ডায়েৰী প্ৰসাদ উপাধ্যায়,বিমল শৰ্মা, আটছাৰ প্ৰাক্তন সভাপতি লক্ষণ কৰ্মকাৰ আৰু ফটিক বৰাই।
মুকলি অনুষ্ঠানত বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পৰিস্মিতা দিহিঙীয়াই গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে। তেওঁ কয় যে, শিক্ষাৰ বিভিন্ন বিষয়ত জড়িত হোৱাৰ সমান্তৰালকৈ বিভিন্ন সামাজিক তথা সাংস্কৃতিক কৰ্মত পোনপটীয়াকৈ জড়িত হোৱা কাজিৰঙা অধ্যয়ন চক্ৰই এইবাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম গুৰুত্বপূৰ্ণ কাজিৰঙাত বিশ্ব পৰ্যটন দিৱসৰ আয়োজন কৰাটো অত্যন্ত ভাললগা কথা ৷
পৰ্যটন বিভাগৰ সহযোগত কাজিৰঙা অধ্যয়ন চক্ৰই এই দিৱসৰ তাৎপৰ্য জনগণৰ মাজলৈ কঢ়িয়াই নিয়াৰ যি কাৰ্যসূচী হাতত লৈছে সেয়া সঁচাকৈয়ে আদৰণীয় ৷ কাজিৰঙা পৰ্যটনত বৰ্তমানতকৈয়ো অধিকভাৱে দেশী-বিদেশী পৰ্যটক উপস্থিত হোৱাৰ বাবে মহকুমাধিপতি দিহিঙীয়াই শুভ কামনা জনায় ৷
অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক, সমাজকৰ্মী ফটিক বৰায়ো বক্তব্য কৰে। তেওঁ কয় যে চালুকীয়া অৱস্থাতে থকা কাজিৰঙা পৰ্যটনত চৰকাৰৰ কৰিবলগীয়া যথেষ্ট আছে ৷ বছৰজোৰাকৈ যাতে কাজিৰঙা পৰ্যটনক উত্তৰণ ঘটাব পাৰি তাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় ৷
বছৰজোৰা কাজিৰঙা পৰ্যটনে কেৱল কাজিৰঙাৰে নহয় সামগ্ৰিকভাৱে নিবনুৱা সমস্যাও নাইকিয়া কৰিব ৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ আঁত ধৰে অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই।
অনুষ্ঠানত কাজিৰঙা ট্যুৰিষ্ট গাইড সন্থাৰ সভাপতি ৰেহান আলিয়ে পৰ্যটনৰ উত্তৰণৰ বাবে সাধাৰণ জনতা,পৰ্যটন কৰ্মী আৰু চৰকাৰী পক্ষৰ কৰণীয় বিভিন্ন বিষয় তুলি ধৰে ৷ তেওঁ কাজিৰঙাৰ সেউজীয়া ৰক্ষা কৰি পৰ্যটন ক্ষেত্ৰটি অধিক শক্তিশালী কৰিবলৈ সকলো পক্ষৰে সহযোগিতা কামনা কৰে ৷
ইয়াৰ পাছতেই কহঁৰাৰ জীপ ছাফাৰী কাৰ্যালয়ৰ সমীপৰ পৰা কহঁৰা চাৰিআলি পৰ্যন্ত আৰু পৰৱৰ্তী সময়ত মিহিমুখ পৰ্যন্ত প্ৰায় ৫শ যুৱক-যুৱতীয়ে চাফাই কাৰ্য্য কৰে।সমান্তৰালভাৱে কাজিৰঙা,হাতীখুলি,বাগৰি আদি এলেকাৰ অৰ্ধশতাধিক যুৱকে কহঁৰাৰ পৰা লুখুৰাখনীয়াৰ হস্ততাঁত শিল্পৰ পৰ্যটন গাঁৱলৈকে চাইকেল ৰেলী কৰে ৷
চাফাই অভিযানৰ অন্তত কাজিৰঙা পৰ্যটনৰ মুখ্য কেন্দ্ৰস্থল কহঁৰা চাৰিআলিত প্ৰায় ৫শ কৰ্মীয়ে অসম ক্ৰীড়া ব'ৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনৰ উপস্থিতিত মত বিনিময় কৰে ৷ অনুষ্ঠানত ছামিট-হোটেল এণ্ড ৰিজৰ্টৰ মহা প্ৰবন্ধক প্ৰবাল গগৈয়ে কয় যে,কাজিৰঙা পৰ্যটনৰ বিভিন্ন দিশ সঠিকভাৱে আলোকপাত কৰিলে পৰ্যটনৰ নিত্য নতুন দিশ ওলাই পৰিব ৷
লগতে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ অন্যতম আকৰ্ষণ কাজিৰঙা পৰ্যটনত নতুনকৈ সংযোজিত হ’বলগীয়া হায়াত গ্ৰুপৰ অতিথিশালাই বৰ্তমানকৈয়ো অধিক উন্নতমানৰ পৰ্যটন ব্যৱসায় আৰম্ভ কৰিব ৷ আমাৰ উঠি অহা প্ৰজন্মই কচৰতৰ মাজৰে এই পৰ্যটনক্ষেত্ৰত প্ৰৱেশ কৰিব পৰাকৈ প্ৰস্তুত হ’বলৈয়ো তেওঁ আহ্বান জনায় ৷
তেওঁ কয় যে,পৰ্যটনৰ ক্ষেত্ৰত সজাগতা অত্যন্ত প্ৰয়োজন, কাৰণ, পৰ্যটনৰ যোগেদিয়েই অৰ্থনৈতিক আৰু সাংস্কৃতিক আদান-প্ৰদান হয় ৷ আনহাতে পৰ্যটকৰ সুৰক্ষা সম্বন্ধীয় বিষয়বোৰতো সকলোপক্ষকে সচেতন হ’বলৈ তেওঁ আহ্বান জনায় ৷
অনুষ্ঠানত কাজিৰঙাৰ বৰগছ ৰিচৰ্টৰ মহা প্ৰবন্ধক চন্দনসেন দহোটীয়াই কাজিৰঙা পৰ্যটনত আগন্তুক সময়ত আহিবলগীয়া নতুন দিশবোৰৰ বাবে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক প্ৰস্তুত হ’বলৈ আহ্বান জনায় ৷ তেওঁ কয় যে, কাজিৰঙা পৰ্যটনৰ নৱতম বিভিন্ন সংযোজনে নিবনুৱা সমস্যা হ্ৰাস কৰিব ৷
কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই কয় যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ অন্যতম গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কাজিৰঙা পৰ্যটনে চাৰিকুৰি বছৰ অতিক্ৰম কৰিলেও বৰ্তমানেও পৰ্যটন উদ্যোগটো তেনেই চালুকীয়া অৱস্থাতে আছে ৷ চৰকাৰী উদাসীনতা তথা বৰমূৰীয়া বিষয়াসকলৰ সুস্থ পৰিকল্পনাৰ অভাৱতে কাজিৰঙা পৰ্যটনৰ উত্তৰণত কোনো সাংঘাতিক পৰিৱৰ্তন হোৱা নাই ৷
কেৱল ৰাষ্ট্ৰীয় উদ্যান দৰ্শনতে সীমাবদ্ধ নাৰাখি ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এলেকাৰ উত্তৰণ, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি বিভিন্ন নব্য সংযোজন তথা খেতি-পথাৰকে প্ৰমুখ্য কৰি সামগ্ৰিকভাৱে গ্ৰাম্য পৰ্যটনক গুৰুত্ব প্ৰদান কৰিলে বছৰজোৰাকৈ পৰ্যটনৰ জৰিয়তে অৰ্থনৈতিকভাৱে টনকিয়াল হোৱাৰ শুভ সময়ৰ ইংগিত হিচাপে বিবেচিত কৰিব পাৰি ৷ কাৰণ, সম্প্ৰতি ভাৰতবৰ্ষৰ পৰ্যটন উদ্যোগৰ লগত জড়িত থকা ৭.৩% লোকৰ পৰা পৰ্যটন উদ্যোগত জড়িতৰ সংখ্যা বৃদ্ধি কৰিব।
যিয়ে নিবনুৱা সমস্যা কিছু পৰিমাণে হ'লেও হ্ৰাস কৰিব ৷ আনকি, ভাৰতৰ বৰ্তমান পৰ্যটন ক্ষেত্ৰৰ পৰা অহা বাৰ্ষিক আয় (Gross Domestic Product) ৬.২৩%ৰ নিশ্চিতভাৱে বৃদ্ধি হ'ব ৷
অৰ্থনৈতিক কাৰকৰ সমান্তৰালভাৱে কৃষ্টি-সংস্কৃতিৰে ভৰপূৰ ভাৰতৰ সাংস্কৃতিক উত্তৰণ সম্ভৱ হ'ব ৷ সাংস্কৃতিক উপাদানত লুকাই থকা সৌন্দৰ্য আৰু ঐশ্বৰ্যৰ প্ৰতিও গুৰুত্ব বৃদ্ধি পাব ৷ আনকি, পৰ্যটনৰ বাবেই থলুৱা হস্তশিল্প বিকশিত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে ৷ কিন্তু, এইবোৰ বিষয়ত গুৰুত্ব প্ৰদান কৰিবলৈ যেন চৰকাৰৰ সদিচ্ছাৰ অভাৱ ৷
যাৰ বাবেই পৰ্যটন ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ তুলনাত ভাৰতবৰ্ষৰ স্থান এতিয়াও ৩৪ নম্বৰতে আছে বুলি ধ্ৰুৱজ্যোতি সাহাই মন্তব্য কৰে ৷ অনুষ্ঠানত অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনে কয় যে, কাজিৰঙা পৰ্যটনৰ উত্তৰণৰ বাবে কৰিবলগীয়া যথেষ্ট কাম আছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাজিৰঙা পৰ্যটনে বিশ্বৰ বুকুত এক অনন্য ৰূপত উপস্থাপন হৈছে ৷
কাজিৰঙালৈ সদগুৰু অহা,দুটা বছৰত দেশৰ দুগৰাকীকৈ ৰাষ্ট্ৰপতিৰ কাজিৰঙা আগমণ আদি বিষয়বোৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট ইতিবাচক বাৰ্তা দিয়ে ৷ কিন্তু, তৎসত্বেও যেন কাজিৰঙাৰ পথ, ষ্ট্ৰীট লাইটৰ ব্যৱস্থাৰ সামগ্ৰিকভাৱে উন্নয়নৰ যথেষ্ট প্ৰয়োজনীয়তা আছে ৷
এইক্ষেত্ৰত কাজিৰঙা উন্নয়ন সম্বন্ধীয় এখন সমিতি গঠন কৰি চৰকাৰী পক্ষৰ স’তে আলোচনা কৰিবৰ বাবেও তেওঁ আহ্বান জনায় ৷ উপাধ্যক্ষ ফুকনে কয় যে, ভ্ৰমণ হ’ল জ্ঞান আহৰণৰ অন্যতম উপায় ৷ সেয়ে আমি পৰ্যটকক আদৰাৰ দৰে আমিও পৰ্যটক হৈ বিভিন্ন স্থানত যাব লাগে ৷
তেতিয়া বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰি আমি কাজিৰঙালৈ আগমণ ঘটা পৰ্যটকৰ স’তে বিলাব পাৰিম ৷ আকাশ ফুকনে কাজিৰঙা অধ্যয়ন চক্ৰই বিগত সময়ত কৰি অহা বিভিন্ন কাৰ্যসূচীৰ বাবে ভূয়সী প্ৰশংসা কৰাৰ লগতে উঠি অহা প্ৰজন্মক নতুন চিন্তাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷ অনুষ্ঠানৰ শেষত পৰিস্কাৰ-পৰিচ্ছনতাৰ মাজেৰে চৌপাশ সেউজীয়া কৰি পৰ্যটন আগবঢ়াই নিবৰ বাবে সকলোৱে সংকল্প গ্ৰহণ কৰে ৷
Also Read: বিৰিণা গোষ্ঠী অসমৰ “বিৰিণা বৈভৱ"ত গণিতজ্ঞ ড৹ দিলীপ কুমাৰ দত্তক স্মৰণ