যমুনেশ্বৰী খাটনীয়াৰৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষ্যে স্মাৰক বক্তৃতা অনুষ্ঠান

যমুনেশ্বৰী খাটনীয়াৰৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষ্যে স্মাৰক বক্তৃতা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
যমুনেশ্বৰী খাটনীয়াৰৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষ্যে স্মাৰক বক্তৃতা অনুষ্ঠান

ডিজিটেল সংবাদ, গোলাঘাট: বুধবাৰে দেৱৰাজ ৰয় মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত যমুনেশ্বৰী খাটনীয়াৰৰ প্ৰথম মৃত্যু শতবৰ্ষ উপলক্ষ্যে আয়োজিত স্মাৰক বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি ফৰকাটিং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ তৰুণ শইকীয়াই এইদৰে কয় যে, প্ৰথম অসমীয়া মহিলা কবি আৰু গল্পকাৰ গোলাঘাটৰ যমুনেশ্বৰী খাটনিয়াৰৰ বিৰল প্ৰতিভা আৰু সৃষ্টিকৰ্ম্ম হেৰাই যোৱাৰ উপক্ৰম হৈছে। সেয়েহে তেওঁৰ কবিতা পাথ্যক্ৰমত অন্তৰ্ভূক্ত হোৱাটো যঠেষ্ট প্ৰয়োজনীয়।

"প্ৰথম অসমীয়া মহিলা কবি - গল্পকাৰ যমুনেশ্বৰী খাটনিয়াৰ: জীৱন আৰু কৰ্ম "" শীৰ্ষক আলোচনাৰ বক্তৃতা প্ৰসংগত তেওঁ কয় যে, আনুষ্ঠানিক শিক্ষা নথকা এগৰাকী যুৱতীয়ে উনবিংশ শতিকাৰ দ্বিতীয় দশকতে কেৱল স্ত্ৰী শিক্ষাৰ বিষয়ে লিখাই নহয় এখন বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল আৰু নিজে প্ৰধান শিক্ষয়িত্ৰী হিচাবে ইয়াক পৰিচালনাও কৰিছিল। সেয়া সামান্য কথা নাছিল আৰু তাৰ লগতে তেওঁৰ সাহিত্য প্ৰতিভা বিকাশতো সমানে গুৰুত্ব প্ৰদান কৰিছিল বুলিও ড০ শইকীয়াই উল্লেখ কৰে।

গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন কাৰ্যসূচীৰ অন্তৰ্গত তথা সহযোগিতাত অনুষ্ঠিত বুধবাৰৰ সভাত সভাপতিৰ আসনৰ পৰা শাখা সাহিত্য সভাৰ সভাপতি ৱাজিদুৰ ৰহমানে কয় যে, এটা সংস্কৃতিৱান জাতিহে মূৰ দাঙি জীয়াই থাকিব পাৰে। যমুনেশ্বৰি খাটনিয়াৰৰ দৰে অসমৰ এক অতীত গৰিমা হেৰাই যাবলৈ দিয়াটো কোনো কাৰণতে এটা জাতিৰ বাবে শুভ লক্ষণ নহয়। সংশ্লিষ্ট কৰ্তিপক্ষক মহাবিদ্যালয় পৰ্যায়ত অসমীয়া পাঠ্যপুথিত কবি গৰাকীৰ কবিতা সন্নিৱিষ্ট কৰি তেওঁৰ পৰিচয় প্ৰদান কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে এই ক্ষেত্ৰত অসম লেখিকা সমাৰোহ সমিতিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবৰ বাবে তেও আহ্বান জনায়।

বুধবাৰৰ অনুষ্ঠানত অন্যান্য বিশিষ্ট ব্যক্তি, মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ - ছাত্ৰীসকলৰ উপস্থিতিত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ জয়ন্ত বাৰুকিয়াল, গোলাঘাট জিলা লেখিকা সমাৰোহৰ সভানেত্ৰী ডালিমী শইকীয়া, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ধ্ৰুৱ কুমাৰ চৰ্দাৰ আৰু কবিগৰাকীৰ পৰিয়ালৰ বোৱাৰী তথা সমাজসেৱক বিভা শইকীয়াই চমু বক্তব্য প্ৰদান কৰে।

সভাৰ আঁত ধৰে শাখা সাহিত্য সভাৰ সম্পাদিকা তুলুমনি শৰ্মা তামুলীয়ে। অনুষ্ঠানত সভাপতিৰ আহ্বানত স্বতস্ফুৰ্তভাৱে কবিতা পাঠ কৰি মহাবিদ্যালয়খনৰ দুগৰাকী ছাত্ৰী ক্ৰমে পৰিস্মিতা দুৱৰা আৰু অংকিতা দাসে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হয়। সভাৰ আৰম্ভণিতে সদ্যপ্ৰয়াত কবি গীতিকাৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ বৰদলৈলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

Also Read: ওৱাচিংটন ডিচিত বিশ্ব সাংস্কৃতিক মহোৎসৱ-২০২৩

#Debrajraycollage