খুমটাইৰ যোগীবাৰীত যোগ প্ৰশিক্ষণ শিবিৰ

খুমটাইৰ যোগীবাৰীত যোগ প্ৰশিক্ষণ শিবিৰ
Published on
Updated on

ডিজিটেল সংবাদ, গোলাঘাট: খুমটাইৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত দেওবাৰে এক যোগ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। সৰ্বভাৰতীয় যোগ প্ৰশিক্ষণ প্ৰতিষ্ঠান ঈশান যোগ ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত এই যোগ প্ৰশিক্ষণ অনুষ্ঠানত প্ৰায় ৪০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে যোগ প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

বিশিষ্ট যোগ প্ৰশিক্ষিকা সঞ্জীৱণী বৰাৰ তত্বাৱধানত গোলাঘাট জিলাৰ বিভিন্ন ‌প্ৰান্তৰ পৰা অহা এই প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। নিজৰ শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ যোগ সাধনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰি ৰোগ প্ৰশিক্ষিকা গৰাকীয়ে সকলোকে যোগ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহ্বান‌ জনায়।

গোলাঘাটৰ লগতে অসমৰ বিভিন্ন স্থানত এই ঈশান যোগ ৰিচাৰ্ছ ফাউণ্ডেশ্যন আৰু ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ৰ অধীনত যোগৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। দেওবাৰৰ এই যোগ প্ৰশিক্ষণ অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক আসন, ধ্যান, প্ৰণায়ামৰ সু শৃংখলিত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

যোগীবাৰী বিলৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মুক্ত আকাশৰ তলত প্ৰদান কৰা এই যোগ প্ৰশিক্ষণ অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ মাজত যোগৰ লগত সঙ্গতি থকা কেইবাটাও প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

খুমটাইৰ যোগীবাৰীত যোগ প্ৰশিক্ষণ শিবিৰ
বটদ্ৰৱাত বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত পাৱাৰ প্ৰজেক্টৰ দ্বাৰা বিশ্লেষণ আৰু বক্তৃতা অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in