ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ মানকাচৰ-বাংলাদেশ সীমান্ত পৰিদৰ্শন

ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ মানকাচৰ-বাংলাদেশ সীমান্ত পৰিদৰ্শন
Published on
Updated on

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শনৰ বাবে এদিনীয়া কাৰ্যসূচী হাতত লৈ অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়া বুধবাৰে পুৱা মানকাচৰত উপস্থিত হৈ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহন কৰে। গুৱাহাটীৰ পৰা হেলিকপ্টাৰযোগে পুৱা ৯.৪৫ বজাত মানকাচৰ কামাখ্যাবাৰী অস্থায়ী হেলিপেডত উপস্থিত হৈ পোনে পোনে স্থলপথেৰে বাংলাদেশ সীমান্তত থকা সাহাপাৰা বিএছএফ কেম্পত উপস্থিত হয়। ৰাজ্যপাল গৰাকীক ৪৫ নং বেটেলিয়ান বিএছএফৰ ফালৰ পৰা ৰাষ্ট্ৰীয় ছেলুটেৰে সম্বৰ্ধনা জনোৱাৰ পাচত সাহাপাৰা বিএছএফ কেম্পক মত বিনিময় সভা অনুষ্ঠিত কৰা হয়।

এই সভাখনত বিএছএফৰ শীৰ্ষ বিষয়া সকল, সীমান্তৱৰ্তী এলেকাৰ সাধাৰণ লোক, সচেতন ব্যক্তি, বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম লগতে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু জিলা আৰক্ষী অধীক্ষক হৰেন টকবী উপস্থিত আছিল। আন্তঃৰাষ্ট্ৰীয় সীমা আৰু সীমান্তৱৰ্তী অঞ্চলৰ সমস্যা সমূহ দূৰ কৰাৰ বাবে মত বিনিময় সভাখনত ৰাইজৰ সৈতে ৰাজ্যপাল গৰাকীয়ে মত বিনিময় কৰে। ইয়াৰ পাছত দিনৰ প্ৰায় ১১ বজাত আন্তৰাষ্ট্ৰীয় সীমান্তৰ ন' মেনচ' লেণ্ডত উপস্থিত হৈ বাংলাদেশ গাৰ্ড বৰ্ডাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও মত বিনিময় কৰি মিঠাই আদান-প্ৰদান কৰা হয়। এই কাৰ্যসূচীত বিএছএফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক দীনেশ কুমাৰ যাদৱ, অধিনায়ক সঞ্জীৱ যোশী উপস্থিত আছিল।

দিনৰ প্ৰায় ১ বজাত মানকাচৰ-বাংলাদেশ সীমান্ত পথেৰে হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা প্ৰশাসন আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে পৰ্যালোচনা সভাত অংশগ্ৰহন কৰে।

লক্ষণীয় যে সাহাপাৰা বিএছএফ কেম্পত অনুষ্ঠিত হোৱা মত বিনিময় সভাত বিধায়ক আমিনুল ইছলাম জিলাখনৰ বিভিন্ন সমস্যাৰ বিষয়ে ৰাজ্যপাল গৰাকীক অৱগত কৰে। ফলত সমস্যা সমূহ নিৰ্মূল কৰিবলৈ লিখিতভাৱে প্ৰদান কৰিবলৈ ৰাজ্যপাল গৰাকী বিধায়ক গৰাকীক আহ্বান জনায়। তদুপৰি সীমান্তৱৰ্তী এলেকাৰ প্ৰতিটো সমস্যাৰ প্ৰতি গুৰুত্ব দিয়া হব বুলি আজি ৰাইজৰ সৈতে মত বিনিময় সভাখনত ৰাজ্যপাল গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰি চৰকাৰে গ্ৰহন কৰা আচনি সমূহৰ বিষয়ে ৰাইজক অৱগত কৰে।

ইফালে হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাৰ জৰিয়তে মানকাচৰ সমষ্টিৰ বাট-পথ, গৰাখহনীয়া, বিদ্যুতৰ সমস্যাক লৈ বিস্তাৰিতভাৱে আলোচনা কৰা হয়। উক্ত সমস্যাসমূহ সমাধান কৰিবলৈ ৰাজ্যপাল গৰাকীয়ে চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিছে। অহাবাৰ তেওঁ মানকাচৰত আহিলে যাতে এই সমস্যা সমূহ নাথাকে তাৰ প্ৰতি গুৰুত্ব দিব বুলিও মত প্ৰকাশ কৰিছে।

একেদৰে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সমূহৰ দ্বাৰা দৰিদ্ৰ লোক কিদৰে উপকৃত হৈছে তাক লৈও বিভিন্ন বিভাগৰ সৈতে আলোচনা কৰে। প্ৰতিটো চৰকাৰী আচনি জিলাখনত সফল ৰূপায়নৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ জিলা প্ৰশাসনক ৰাজ্যপাল গৰাকীয়ে আহ্বান জনাইছে। এই পৰ্যালোচনা সভাৰ অন্তত হাটশিঙিমাৰী আৱৰ্ত ভৱনত দূপৰীয়াৰ আহাৰ গ্ৰহন কৰাৰ পাচত বাংলাদেশ সীমান্ত পথেৰে তেওঁ পুনৰ মানকাচৰৰ কামাখ্যাবাৰী হেলিপেডত উপস্থিত হৈ গুৱাহাটীলৈ ৰওনা হয়। ৰাজ্যপাল গৰাকী উপস্থিত হৈ জিলাখনৰ সমস্যা সমূহ সমাধানৰ প্ৰতি গুৰুত্ব দিয়াক লৈ মানকাচৰৰ বিধায়ক আমিনুল ইছলাম চৰকাৰৰ প্ৰতি সন্তষ্টি প্ৰকাশ কৰে।

ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ মানকাচৰ-বাংলাদেশ সীমান্ত পৰিদৰ্শন
ব্যৱসায়ীৰ মহানুভৱতা : বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শীতল খোৱাপানীৰ ব্যৱস্থা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in