- দুলুমণি দেৱী
ক্রীং, ক্রীং, ক্রীং
"আৰে আকৌ কোন আহিল" ?
যেতিয়াই তেতিয়াই কলিং বেলটো বাজি থাকে বৰ অশান্তি আৰু ৰিমিয়ে মুখতে ভোৰভোৰালে I
"দর্জাখন খোলা", ঘৰত কোনোৱা আছেনে ? বাহিৰৰ পৰা কোনোবাই মাত দিয়া তাইৰ কাণত পৰিল I
কলেজ বন্ধ থকাৰ বাবে ৰিমিয়ে ঘৰতে কাম বনবোৰ সামৰি বিচনাত দীঘল দিছিল I মাক দেউতাক চৰকাৰী চাকৰিয়াল, সৰুৰেপৰা তাই সাৱধান হবলৈ চেষ্টা কৰে I চিনাকি মানুহ আহিলেও ফোন কৰিলেহে দর্জা খোলে, তেনেস্থলত দর্জা খোলাৰ প্রশ্নই নুঠে I কিন্ত কলিং বেলটোৱেহে বৰ অশান্তিত পেলায় I
"মানুহ আছে জানা " এজনে আনজনক কোৱা তাই কাণত ভাঁহিল I
বাৰে বাৰে কলিং বেল বজাই আমনি লগাত এইবাৰ দৰ্জাত শব্দ হ'ল
"ধক ধক ধক"
এইবাৰহে ৰিমিৰ ভয় লাগিল I
সন্ধিয়া ছয় বজাতে কিহৰ ভয়, পুনৰ মনতে সাহসো গোটালে I তথাপিও মাকলৈ ফোন লগালে...
মাকৰ স্কুলত মিটিং থকাৰ বাবেহে বেছি দেৰী হৈছে, তথাপি ফোনতে সকলো তাই ক'লে I
মাকে ক'লে "দেউতাৰা গৈ আছে আইজনী I গৈ পালেহে দর্জা খুলিবা I"
"হ'ব মা"
"একো ভয় নাখাবা, সাহস গোটোৱা" মাকে ফোনতে তাইক ক'লে I
বেচিকৈ কলিং বেল বাজি থকাত অতিষ্ঠ হৈ ৰিমিয়ে ভিতৰৰ পৰাই মাত দিলে, "কাক বিচাৰিছে?"
"আপুনি কোন হয় ?"
বাহিৰৰ পৰা উত্তৰ আহিল, "উজ্বল "
তাই উজ্বল কোন হয় চিনি নাপায় আৰু পালেও দর্জা নোখোলে I
"আপোনাক চিনি নাপাও, যাব পাৰে আপুনি"
"তোমাৰ দেউতাৰা বন্ধু"
আপুনি কালিলৈ আহিব... এইবুলি কৈ তাই পাকঘৰত সোমাল ।
মানুহ দুজন যাবলৈ ওলাল I গেটখন খোলোতেই দেউতাক পালেহি I
আৰে উজ্বল... তই ?
"অ' মই "
"ক'ৰ পৰা আহিলি তই ?"
"তই সেইবোৰ বাদ দে তোৰ ছোৱালীয়ে কি মানুহ আহিলে কি কৰিব লাগে নাজানে নেকি ?"
"কিয় কি হ'লনো ?"
"তোৰ ঘৰত অহা কিমান সময় হ'ল দর্জাখন খুলি নিদিলে"
"তই শিকাবি অলপ I"
"হ'ব দে নোসোমাও এতিয়া"
এনেতে ৰিমি ওলাই আহিল I
"দেউতা"
"কোৱা ৰিমি"
"এওলোকক মই চিনি নাপাও"
"বুজিছো কলেজত পঢ়া ছোৱালী যেতিয়া ব্যৱহাৰ শিকিবা তুমি..." বন্ধু উজ্বলে কলে
"মই আপোনাক কি ব্যৱহাৰ কৰিলো খুড়া ?"
এনেতে দেউতাকে মাত দিলে... "নহয় বন্ধু আমি হে মানা কৰি থৈ গৈছো ,তোমাৰ আমাৰ দিনকাল নহয়, তাতে ছোৱালী এজনী ঘৰত থাকিলে অভিভাৱকৰ কিমান চিন্তা তোক কি বুজামনো I"
হ'লেও আজিকালি ল'ৰা ছোৱালী সকলো সমান I সাহসী হ'বলৈ শিকাবি তাইক I
ৰিমিয়ে এইবাৰ মাত দিলে, "সাহস আছে মোৰ, কিন্ত অনাহকত সময় নষ্ট কৰিবহে নিবিচাৰো খুড়া I"
তাৰমানে আমি অনাহকত আহিছো ?
লগত অহাজনৰ এইবাৰ খং উঠিল ,,
"বৰদেউতা মই কৈছো যাওগৈ"
"পিছত আহিম"
"এখেতে নুশুনে লগ কৰিহে যায় আপোনাক I"
বলক যাওগৈ নহলে আপোনাৰ মদ খাই মতলীয়া হোৱা পুতেকে সুদাই নেৰিব I
তেতিয়াই বন্ধু উজ্বলে বুজি উঠিল মাক দেউতাকৰ মতে কাম কৰা চোৱালী ৰিমি আৰু তেওঁৰ পুতেক ?
হাজাৰ বাধা দিয়া স্বত্বেও নিচাযুক্ত দ্রৱ্য সেৱন কৰা বন্ধ কৰিব নোৱাৰিলে I ৰাতি ঢলং পলং খোজ I
সকলো যোৱাৰ পাছত ৰিমিয়ে ক'লে, "কলিং বেলটো থাকিলে অশান্তিহে I অনাহকত মানুহৰ লগত ভুল বুজাবুজি I"
"হয় নেকি আইজনী তুমি বেয়া পোৱা যদি কলিং বেল নালাগে I কিন্ত সাৱধানে থাকিবা I"
Also Read: গল্প ২ : ৰঙাঘৰৰ আলহী