ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত "প্ৰজ্ঞান" শীৰ্ষক মুক্ত পুথিভঁৰালৰ শুভ উদ্বোধন। বিদ্যালয়খনৰ অধ্যক্ষ অনিল বৰুৱাৰ নেতৃত্বত আৰু শিক্ষক-কৰ্মচাৰী বৃন্দৰ সহযোগত স্থাপন কৰা বিদ্যালয়খনৰ "প্ৰজ্ঞান" শীৰ্ষক মুক্ত পুথিভঁৰালৰ মঙলবাৰে আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে মহকুমাধিপতি লুকুমনি বৰাই। বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক মেদিনী বৰকাকতিয়ে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গহপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া নমিতা বৰা।
অনুষ্ঠানত অধ্যক্ষগৰাকীয়ে মুক্ত পুথিভঁৰালটিলৈ নিজাববীয়াকৈ ৫০খন গ্ৰন্থ আগবঢ়াই মহকুমাধিপতিৰ এই মহৎ পদক্ষেপৰ প্ৰতি সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে, পুথিভঁৰাল আৰু ছাত্র-ছাত্ৰীৰ মাজৰ সম্পৰ্ক অধিক ওচৰ-চপাই আনি ছাত্র-ছাত্ৰীক অধিক অধ্যয়নশীল কৰি তুলিবলৈ গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰাই নিজস্ব পৰিকল্পনা আৰু এক সুদুৰপ্ৰসাৰী চিন্তাৰে যোৱা ৫ ছেপ্টেম্বৰত গহপুৰত মুকলি কৰিছিল "প্ৰজ্ঞান" নামৰ মুক্ত পুথিভঁৰাল। সেইদিনা গহপুৰ মহকুমাৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৩৬০খনত মুকলি হৈছিল মুক্ত পুথিভঁৰাল "প্ৰজ্ঞান"।
মহকুমাধিপতিগৰাকীৰ এই পদক্ষেপৰ অংশ স্বৰূপে গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত মুক্ত পুথিভঁৰাল মুকলিৰ কাৰ্যসূচী বৰ্তমানেও চলি আছে। এই বিশেষ কাৰ্যসূচীৰ অংশ স্বৰূপে গহপুৰ পৌৰসভাৰ অধীনৰ গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উক্ত মুক্ত পুথিভঁৰাল আনুষ্ঠানিকভাবে শুভ উদ্ধোধন কৰা হয়। পুথিভঁৰাল, কিতাপ আৰু অধ্যয়নক এক নতুন গতি দিবলৈ প্ৰয়াস কৰা গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমনি বৰাৰ এই পদক্ষেপক শলাগ লৈছে গহপুৰৰ শিক্ষানুৰাগী ৰাইজৰ লগতে বৌদ্ধিক সমাজে।
Also Read: ছেবাৰ নতুন সিদ্ধান্তঃ এইবাৰ শিক্ষাৰ্থীয়ে OMR শ্বীটত দিব মেট্ৰিক