ডিজিটেল সংবাদ, গৰৈমাৰী : কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ত নীতি বহিঃৰ্ভূতভাৱে সোমবাৰে পৰিচালনা সমিতিৰ সভা আয়োজন কৰাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
জানিব পৰামতে অসম চৰকাৰৰ উচ্চশিক্ষা সঞ্চালকালয়ে যোৱা বৰ্ষৰ তিনি নৱেম্বৰত ডি এইছ ই/পি এ/জি বি/জিঅভিটি ৩/২০২০/২৬৪ (DHE/PA/GB/Govt. Per/3/2020/264) নিৰ্দেশযোগে ৰফিক চৌধুৰীক ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে নিয়োগ কৰে৷ কাহিলিপাৰাস্থিত উচ্চশিক্ষা সঞ্চালকালয়ে ৰফিক চৌধুৰীক মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে নিয়োগ কৰা নিৰ্দেশক যোৱা বৰ্ষৰ ১৩ নৱেম্বৰত ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে মেম' নং-এম/ই ডি এন/৫/২০২০/৬৪১ যোগে অনুমোদন জনায় ৷
কিন্তু আশ্চৰ্যজনকভাৱে যোৱা বৰ্ষৰ ২৫ নৱেম্বৰত চিঠি নং-ডি এইছ ই /পি এ/জি বি/জিঅভি -৩/২০২০/২৮০ (DHE/PA/GB/Gov.per/3/2020/280) যোগে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকীক দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে৷ ইপিনে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আৱাল চাহাবে নীতি বহিঃৰ্ভূতভাৱে সোমবাৰে এখনি পৰিচালনা সমিতিৰ সভাৰ আয়োজন কৰে৷
উল্লেখ্য যে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকীক চৰকাৰে দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সাময়িকভাৱে স্থগিতাৰ নিৰ্দেশ দিছে৷ তেনেক্ষেত্ৰত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সম্পাদক তথা ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আৱাল চাহাবে কিহৰ ভিত্তিত সোমবাৰে পৰিচালনা সমিতিৰ সভাৰ আয়োজন কৰিলে, সেয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে৷ ইয়াৰোপৰি পৰিচালনা সমিতিৰ সম্পাদক তথা ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে নিজৰ সমৰ্থনত থকা একাংশ অভিভাৱকক পৰিচালনা সমিতিৰ সভাত নীতি বহিঃৰ্ভূতভাৱে আমন্ত্ৰণ কৰি পৰিচালনা সমিতিৰ সভা আয়োজন কৰা সন্দৰ্ভত ৰফিক চৌধুৰীয়ে আজি মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে গৰৈমাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷
উক্ত এজাহাৰৰ ভিত্তিত গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমেন্দ্ৰ সিনহাই মহাবিদ্যালয়ত উপস্থিত হৈ নীতি বহিঃৰ্ভূতভাৱে আয়োজন কৰা সভাখন অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে৷ আৰক্ষীয়ে বাধা প্ৰদান কৰাত ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আৱাল চাহাবে পৰিচালনা সমিতিৰ সভা বাতিল কৰিবলৈ বাধ্য হয়৷