ডিজিটেল সংবাদ, বিশ্বনাথ : বিশ্বনাথ জিলা সাংবাদিক সংস্থা আৰু বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা সাংবাদিক গৌতম হাজৰিকাৰ সোমবাৰে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত দেহাৱসান ঘটে। বিশ্বনাথ চাৰিআলি লেহুগাঁৱৰ গৌতম হাজৰিকা গুৱাহাটীৰ এটা ব্যক্তিগত চেটেলাইত চেনেলত কৰ্মৰত অৱস্থাত উচ্চ ৰক্তচাপ জনীত ৰোগত আক্ৰান্ত হৈছিল।
শেহতীয়াকৈ গুৱাহাটীত বসবাস কৰা গৌতম হাজৰিকা পুনৰ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে সোমবাৰে সন্ধ্যা শেষ নিশ্বাস ত্যাগ কৰে। অধুনালুপ্ত আজি কাকতত পাভৈ, বিশ্বনাথ চাৰিআলিৰ সাংবাদদাতা হিচাবে সেৱা আগবঢ়োৱাৰ পিছত 'আজি'ৰ বিশ্বনাথ সংস্কৰণৰ তত্বাবধায়ক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি সাংস্কৃতিক প্ৰতিবেদক ৰূপে গুৱাহাটীত চেটেলাইত টিভি চেনেলত সেৱা আগবঢ়োৱাৰ লগতে হাজৰিকাই নিজেও এজন গীতিকাৰ আৰু সুৰকাৰ ৰূপে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
গৌতম হাজৰিকাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অসমৰ লগতে বিশ্বনাথত শোকৰ ছাঁ পৰে। ইতিমধ্যে হাজৰিকাৰ মৃত্যুত বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সভাপতি নৰেন বৰা, বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ উপদেষ্টা নিৰঞ্জন হাজৰিকা, বসন্ত বৰা, সভাপতি পুলক হাজৰিকা, সাধাৰণ সম্পাদক আমিৰ খানকে ধৰি বিভিন্ন জাতীয় দল সংগঠন তথা গুণমুগ্ধই শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ পবিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
Also Read: জল জীৱন মিছন ও স্বচ্ছ ভাৰত মিছনৰ ওপৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পৰ্যালোচনা...